February 5, 2025 12:59 PM

views 41

ভাৰত-ইংলেণ্ডৰ এদিনীয়া শৃংখলাৰ কাইলৈ নাগপুৰত প্ৰথম খেল, বৰুণ চক্ৰৱৰ্তীক দলত অন্তৰ্ভুক্ত

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে ইংলেণ্ডৰ বিৰুদ্ধে কাইলৈ আৰম্ভ হ'বলগীয়া তিনিখনীয়া এদিনীয়া শৃংখলাৰ বাবে বৰুণ চক্ৰৱৰ্তীক ভাৰতৰ দলত অন্তৰ্ভুক্ত কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে শেহতীয়াকৈ অনুষ্ঠিত ৫ খনীয়া টি-টুৱেণ্টি শৃংখলাত বৰুণে দুখনকৈ খেলত ৫টাকৈ উইকেটৰ সৈতে মুঠ ১৪টা উইকেট লাভ কৰি শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ...

February 5, 2025 12:58 PM

views 23

ইণ্ডিয়ান ছুপাৰ লীগত আজি মোহন বাগান ছুপাৰ জায়েণ্ট আৰু পঞ্জাৱ ফুটবল ক্লাবৰ খেল

ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত আজি মোহন বাগান ছুপাৰ জায়েণ্ট দলটো পঞ্জাৱ ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন কলকতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে, মোহন বাগানে এতিয়ালৈ ক্ৰমাগত ৮ খন খেলত অপৰাজিত হৈ আছে। ১৩ খন খেলত ...

February 5, 2025 10:55 AM

views 32

বিগত ১০ বছৰত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ১,৮২৪ কিলোমিটাৰ ৰে’লপথৰ সম্প্ৰসাৰণ হৈছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বিগত ১০ বছৰত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ১,৮২৪ কিলোমিটাৰ ৰে'লপথৰ সম্প্ৰসাৰণ হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। এই সম্প্রসাৰণে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ উত্তৰ-পূৰ্বাঞ্চলক অগ্রাধিকাৰ দিয়াৰ নীতিকে প্রতিফলিত কৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। এইবাৰৰ বাজেট...

February 5, 2025 10:52 AM

views 24

ডিটেনচন শিবিৰত থকা বাংলাদেশী নাগৰিকক দুসপ্তাহৰ ভিতৰত বহিষ্কাৰ কৰিবলৈ অসম চৰকাৰক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে ডিটেনচন শিবিৰত থকা বাংলাদেশী নাগৰিকসকলক দুসপ্তাহৰ ভিতৰত বহিষ্কাৰ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। ন্যায়াধীশ অভয় এছ অ’কা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ খণ্ড বিচাৰপীঠে কালি ৬৩ জন বিদেশী নাগৰিকক বহিষ্কাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বিদেশী বহিষ্কাৰক লৈ ৰাজ্য চৰকাৰে ন্যায়ালয়ত তথ্য গাপ ...

February 5, 2025 10:49 AM

views 43

যোৰহাটত কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন

যোৰহাটত কাইলৈৰ পৰা হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি প্রায় সম্পূর্ণ হৈছে। যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অধিৱেশনলৈ ভকত-বৈষ্ণৱসকলক আদৰাৰ বাবে আদৰণি সমিতিয়ে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ...

February 5, 2025 10:48 AM

views 44

ডিব্ৰুগড়ৰ টিপাম পাহাৰত কয়লাৰ অবৈধ খনন ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালৰ নির্দেশ

ডিব্ৰুগড় জিলাৰ টিপাম পাহাৰত কয়লাৰ অবৈধ খনন ৰোধ কৰাৰ লগতে এই ব্যৱস্থা নিৰীক্ষণ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নির্দেশ দিছে। ৰাজ্য চৰকাৰৰ বন আৰু খনি তথা খনিজাত সামগ্ৰী বিভাগৰ লগতে আৰক্ষী সঞ্চালকপ্রধান, ক'ল ইণ্ডিয়া লিমিটেড আৰু ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগকো অবৈধ খনন ৰোধৰ বাবে চোকা...

February 5, 2025 10:46 AM

views 41

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজিৰেপৰা ৪দিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজিৰেপৰা চাৰিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ কলা-সংস্কৃতি আৰু সাহিত্য বিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান ফ'কেলৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়খনৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। ভাৰতৰ লগতে বিশ্বৰ ২৫ খন দেশৰ লেখক-সাহিত্যিকে এই...

February 5, 2025 10:44 AM

views 44

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক অধিৱেশনৰ সামৰণি

নাট্যনগৰী পাঠশালাত যোৱা ৩১ জানুৱাৰীৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ কালি সামৰণি পৰে। লক্ষ লক্ষ লোকৰ সমাগম হোৱা এই অধিৱেশনৰ গ্ৰন্থমেলাৰ চাৰিটা দিনত কমেও ৫ কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰে অভিলেখ সৃষ্টি হোৱা বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। এই অধিৱেশনত ৰ...

February 5, 2025 10:43 AM

views 26

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলত পক্ষী নিৰীক্ষণ আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলত কালি পক্ষী নিৰীক্ষণ অর্থাৎ বার্ড ছাফাৰী আৰম্ভ হৈছে। কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰথমগৰাকী পক্ষী নিৰীক্ষক হিচাপে বিভিন্ন প্ৰজাতিৰ চৰাইসমূহ প্রত্যক্ষ কৰে। কালি উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ড০ সোণালী ঘোষৰ সৈতে মন্ত্ৰীগৰাকীয়ে কমেও ৪০০টা প্...

February 5, 2025 10:41 AM

views 29

ৰাজ্যত গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ প্রথমদিনা ৯,৮১,৫৬৫গৰাকী শিক্ষাৰ্থীৰ স্ব-মূল্যায়ন

ৰাজ্যৰ ১২ হাজাৰ ৩৭৫ খন বিদ্যালয়ক সামৰি অনুষ্ঠিত গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ কালি প্ৰথম দিনৰ কাৰ্যসূচী সফলভাৱে সম্পন্ন হয়। কালি প্রথমদিনা ৯ লাখ ৮১ হাজাৰ ৫৬৫ গৰাকী শিক্ষাৰ্থীৰ স্ব-মূল্যায়ন কৰা হয়। মাজুলী জিলাৰ ৪৯৬ খন বিদ্যালয়ত গুণোৎসৱৰ স্বমূল্যায়ন কৰা হয়। মাজুলীৰ বিধায়ক ভুৱনগাম, জালুকবাৰী উপ বন স...