February 6, 2025 7:35 PM

views 55

আইনী গতিশীলতা বৃদ্ধি কৰাটো সামূহিক স্বার্থ : মন্ত্ৰী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি কয়, যে আইনী গতিশীলতা বৃদ্ধি কৰাটো সামূহিক স্বার্থ। তেওঁ কয়, যদিহে নিজৰ দেশৰ লোক অন্য দেশত অবৈধভাৱে বসবাস কৰে তেন্তে সেয়া আন্তঃৰাষ্ট্ৰীয় আইনমতে সাধাৰণভাৱে গ্ৰহণযোগ্য নীতি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতীয় নাগৰিকক বিতাড়ণ সন্দৰ্ভত ৰাজ্যখনত বক্তব্য প্ৰদা...

February 6, 2025 7:24 PM

views 62

কাইলৈৰ পৰা গুৱাহাটীৰ জ্যোতি চিত্ৰবনত গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল

কাইলৈৰ পৰা গুৱাহাটীৰ জ্যোতি চিত্ৰবনত গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল অনুষ্ঠিত হ'ব। তিনিদিনীয়া এই চলচ্চিত্ৰ মহোৎসৱত ইৰান, নেপাল, উজবেকিস্তান, কাজাখস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপিন্‌ছ, শ্রীলংকা আৰু তুৰস্কৰ কুৰিখন নিৰ্বাচিত ছবি প্ৰদৰ্শিত হ'ব। ইয়াৰ লগতে মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাত উত্তৰ-প...

February 6, 2025 7:20 PM

views 42

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ

যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি প্ৰথমদিনা পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপন কাৰ্যসূচীৰে অধিৱেশনৰ শুভাৰম্ভ কৰা হয়। যোৰহাটৰ বিধায়ক হিতেন্দ্র নাথ গোস্বামীয়ে আজি প্ৰতিনিধি শিবিৰৰ তোৰণ উন্মোচন কৰে। আজি নামঘৰৰ তোৰণ উ...

February 6, 2025 7:16 PM

views 40

এডভান্টেজ আচাম শীর্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক

ৰাজ্যখনৰ বিনিয়োগ আন্তঃগাথনি শক্তিশালী কৰাৰ লক্ষ্যৰে ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আচাম শীর্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি বুজ লোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিশপুৰত এখন বৈঠক অনুষ্ঠিত হয়। সন্মিলনৰ অংশ হিচাপে ২৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ ...

February 6, 2025 7:13 PM

views 18

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বৰ্তমানৰ চৰকাৰ সবকা সাথ সবকা বিকাশ নীতিৰে অগ্ৰসৰ হৈছে আৰু সাধাৰণ শ্ৰেণীৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ সুবিধা প্ৰদান কৰিছে। ৰাজ্যসভাত আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দি প্রধানমন্ত্ৰীয়ে এই মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে দৰিদ...

February 6, 2025 6:45 PM

views 36

সৰুপেটাত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় ৰাষ্ট্ৰীয় নাট সমাৰোহ

বজালী জিলাৰ সৰুপেটাত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় ৰাষ্ট্ৰীয় নাট সমাৰোহৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। এই নাট সমাৰোহত অসমীয়া, হিন্দী আৰু বাংলা ভাষাৰ ৫ খনকৈ নাটক মঞ্চস্থ হ'ব। সমাৰোহত নাট্যকাৰ হিল্লোল কুমাৰ পাঠকৰ নাট ‘শ...

February 6, 2025 6:43 PM

views 64

গুৱাহাটীৰ নাৰেঙ্গী সামৰিক কেন্দ্ৰৰ ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত কাইলৈ নিয়োগ মেলাৰ আয়োজন

প্রাক্তন সৈনিক কল্যাণ বিভাগৰ অন্তৰ্গত পুনৰসংস্থাপন সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ নাৰেঙ্গী সামৰিক কেন্দ্ৰৰ ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত কাইলৈ নিয়োগ মেলাৰ আয়োজন কৰা হৈছে। এই নিয়োগ মেলাত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, পুনৰসংস্থাপন সঞ্চালক, মেজৰ জেনেৰেল এছ বি কে সিঙকে ধৰি কেইব...

February 6, 2025 6:38 PM

views 46

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ যোজনাৰ অধীনত ৰাজ্যৰ ৬,৫০০টা পৰিয়াল উপকৃত : মুখ্যমন্ত্রী

স্বচ্ছ শক্তিৰে জনসাধাৰণৰ বিদ্যুতৰ চাহিদা পূৰণ কৰাৰ অৰ্থে চৰকাৰে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ যোজনাৰ অধীনত ৰাজ্যৰ ৬ হাজাৰ ৫০০টা পৰিয়ালে নিজৰ ঘৰৰ ছাদত সৌৰ পেনেল স্থাপন কৰি বিদ্যুৎ সেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা উল্লেখ কৰি কয়, যে...

February 6, 2025 6:33 PM

views 31

কাছাৰৰ কেইবাখনো বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত মন্ত্রী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি কাছাৰ জিলাৰ কেইবাখনো বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শিলচৰত তেওঁ ৰাধা মাধৱ মহাবিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। ডঃ পেগুক মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে নিজে প্ৰস্তুত কৰা থলুৱা অসমীয়া আৰু মণিপুৰী গামোচাৰে সম্বৰ্ধনা জনায়। শিক্...

February 6, 2025 6:19 PM

views 49

অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ত ধুমুহা, গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ৰ কোনো কোনো অংশত ধুমুহা, গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। আকাশবাণীৰ বাতৰিৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত বতৰ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী ড০ সোমা সেন ৰয়ে অহা দুদিনলৈ অৰুণাচল প্ৰদেশ আৰু অসমত প্ৰৱল বৰষুণ আৰু ধুমুহাৰ আগজান...