February 18, 2025 8:14 PM

views 26

পাঞ্জাৱ, উত্তৰাখণ্ড আৰু ছত্তীশগড়ৰ স্থানীয় নিকায়ৰ বাবে ৫৬২ কোটি টকাৰো অধিক অনুদান

কেন্দ্ৰীয় চৰকাৰে পঞ্চদশ বিত্ত আয়োগৰ অধীনত পাঞ্জাৱ, উত্তৰাখণ্ড আৰু ছত্তীশগড়ৰ স্থানীয় নিকায়সমূহৰ বাবে ৫৬২ কোটি টকাৰো অধিক অনুদান মোকলাই দিছে। কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু গ্ৰাম্য স্থানীয় নিকায়সমূহলৈ প্ৰদান কৰা এই অনুদানে তৃণমূল পৰ্যায়ত গণতন্ত্ৰ সফল কৰি...

February 18, 2025 8:10 PM

views 35

জাৰ্মানীৰ নাগৰিকক চাইবাৰ অপৰাধ চক্ৰক উত্খাতৰ ব্যৱস্থা গ্ৰহণ চি বি আইৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে ২০২১ চনৰে পৰা জাৰ্মানীৰ নাগৰিকক লক্ষ্য হিচাপে লোৱা চাইবাৰ অপৰাধ চক্ৰক উত্খাত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এনে ব্যৱস্থা কৰাৰ বাবে কেন্দ্ৰীয় সংস্থাটোৱে ১৪ৰ পৰা ১৭ জানুৱাৰীলৈ কলকাতা আৰু শিলিগুৰিৰ ছটা স্থাডনত তালাচী অভিযান চলায়। জাৰ্মান বিষয়াসকলৰ সৈতে ঘনিষ্ট সম...

February 18, 2025 8:07 PM

views 61

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ৯ বছৰ সম্পূৰ্ণ

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাই আজি ৯ বছৰ সম্পূৰ্ণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনত এই যোজনাখন মুকলি কৰিছিল। প্ৰাকৃতিক বিপৰ্যয়ৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা খেতিয়কসকললৈ বিত্তীয় সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিখনে নতুন কৃষি প্ৰযুক্তিৰ প্ৰসাৰৰ লগতে খেতিয়কসকলৰ আয় সুস্থিৰ কৰি তোল...

February 18, 2025 8:03 PM

views 53

ডিফু চিকিৎসা মহাবিদ্যালয়ৰ প্রাক্তন সহযোগী অধ্যাপক ডাঃ মৃদুপৱন নাথক গ্ৰেপ্তাৰ

আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আজি ডিফু চিকিৎসা মহাবিদ্যালয়ৰ প্রাক্তন সহযোগী অধ্যাপক ডাঃ মৃদুপৱন নাথক গ্ৰেপ্তাৰ কৰে। পলাতক অৱস্থাত থকা ডাঃ নাথক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গুৱাহাটীৰ ৰূপনগৰৰ পৰা গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পাছত ডাঃ নাথক বিশেষ ন্যায়াধীশৰ আদালতত হা...

February 18, 2025 7:53 PM

views 53

ইউটিউবাৰ আছিছ চাঞ্চলানিৰ অন্তৱৰ্তীকালিন জামিন মঞ্জুৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি ইউটিউবাৰ আছিছ চাঞ্চলানিৰ অন্তৱৰ্তীকালিন জামিন মঞ্জুৰ কৰে। সামাজিক মাধ্যমত অশোভনীয় মন্তব্য আগবঢ়োৱাৰ অভিযোগত অসম আৰক্ষীৰ অপৰাধ শাখাই আছিছৰ লগতে আন কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি হাজিৰ হ'বলৈ চমন জাৰি কৰিছিল। কিন্তু এই নিৰ্দেশৰ পাছত অভিযুক্ত ইউটিউবাৰ আছিছ চাঞ্চলানি ...

February 18, 2025 7:49 PM

views 77

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিনেতা বিজু ফুকনৰ জন্ম বার্ষিকীত শ্রদ্ধা জ্ঞাপন

অসমীয়া চলচ্চিত্ৰৰ একালৰ সুদৰ্শন নায়ক, খ্যাতনামা অভিনেতা, বিজু ফুকনৰ জন্ম বার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গুণমুগ্ধসকলে অভিনেতাগৰাকীৰ স্মৃতিত শ্রদ্ধা জ্ঞাপন কৰিছে। ডাঃ বেজবৰুৱা চলচ্চিত্ৰত এটা সৰু চৰিত্ৰৰে চলচ্চিত্ৰ জগতত ভূমুকি মৰা এইগৰাকী অভিনেতাই পাছলৈ বৰুৱাৰ সংসাৰ, আজলি নবৌ, আৰু বোৱাৰ...

February 18, 2025 7:44 PM

views 72

এদিনৰ বিৰতিৰ মূৰত কাইলৈ দিশপুৰত অসম বিধানসভাৰ বাজেট অধিবেশন

এদিনৰ বিৰতিৰ মূৰত অসম বিধানসভাৰ বাজেট অধিবেশন কাইলৈৰ পৰা দিশপুৰত অনুষ্ঠিত হ'ব। কাইলৈ সদনত প্রশ্নোত্তৰ কালৰ পাছতেই ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। আমাৰ সংবাদদাতাই জনোৱা মতে, কালি কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিবেশনৰ প্ৰথম দিনাৰ বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শ...

February 18, 2025 7:35 PM

views 42

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতীয় পুৰুষ দলৰ নতুন জাৰ্চি মুকলি

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে সমাগত চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতীয় পুৰুষ দলটোৰ নতুন জাৰ্চি মুকলি কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত বিচিচিআয়ে খেলুৱৈসকলৰ জাৰ্চিৰ আলোকচিত্ৰ শ্বেয়াৰ কৰে। ৰোহিত শর্মা নেতৃত্বাধীন দলটোৱে পৰিধান কৰা নীলা ৰঙৰ জাৰ্চিৰ বাহুত ট্রাই কালাৰৰ লগতে চেম্পিয়ন ট্ৰফ...

February 18, 2025 7:32 PM

views 29

নেপালৰ ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু

ওড়িশা আৰক্ষীয়ে ভুৱনেশ্বৰৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ত নেপালৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনাৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত বিশ্ববিদ্যালয়খনৰ এজন ছাত্ৰক আটক কৰিছে। নেপালৰ প্ৰধানমন্ত্রী কে পি শৰ্মা অলিয়ে এই ঘটনাক লৈ উদ্বেগ প্রকাশ কৰি কয়, যে তেওঁৰ চৰকাৰে এই বিষয়ত ...

February 18, 2025 7:27 PM

views 48

পৰীক্ষা পে চৰ্চা ২০২৫ৰ নতুন সংস্কৰণ মুকলি

পৰীক্ষা পে চৰ্চা ২০২৫ৰ নতুন সংস্কৰণ আজি মুকলি কৰা হয়। এই সংস্কৰণত বিভিন্ন পৰীক্ষাত শীর্ষস্থান দখল কৰা কেইবাগৰাকীও শিক্ষার্থীয়ে পৰীক্ষাৰ মানসিক চাপ, উদ্বেগ আৰু হেঁচা কেনেদৰে সফলতাৰে অতিক্ৰম কৰিব পাৰি সেই বিষয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ মনোভাৱ ব্যক্ত কৰাৰ লগতে পৰামৰ্শ আগবঢ়ায়।