কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে ২০২১ চনৰে পৰা জাৰ্মানীৰ নাগৰিকক লক্ষ্য হিচাপে লোৱা চাইবাৰ অপৰাধ চক্ৰক উত্খাত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এনে ব্যৱস্থা কৰাৰ বাবে কেন্দ্ৰীয় সংস্থাটোৱে ১৪ৰ পৰা ১৭ জানুৱাৰীলৈ কলকাতা আৰু শিলিগুৰিৰ ছটা স্থাডনত তালাচী অভিযান চলায়। জাৰ্মান বিষয়াসকলৰ সৈতে ঘনিষ্ট সমন্বয়েৰে চলাই থকা চক্ৰ অভিযানৰ চতুৰ্থ পৰ্য়াযৰ অধীনত এই তালাচী চলোৱা হয়। তালাচীৰ সময়ত সংস্থাটোৱে শিলিগুৰিৰ পৰা এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। তালাচী অভিযানৰ সময়ত সাতটা মোবাইল ফোন, এটা লেপটপ আৰু অপৰাধ সংক্ৰান্তীয় আপত্তিজনক নথিপত্ৰ জব্দ কৰা হয়। সংস্থাটোৱে পশ্চিম বংগৰ দাৰ্জিলিঙত অভিযুক্তসকলে চলাই অহা এটা অবৈধ কল চেণ্টাৰো উত্খাত কৰে।
Assamese | February 18, 2025 8:10 PM | CBI Investigation
জাৰ্মানীৰ নাগৰিকক চাইবাৰ অপৰাধ চক্ৰক উত্খাতৰ ব্যৱস্থা গ্ৰহণ চি বি আইৰ