পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি দিছপুৰত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা আঁচনি, ভৱিষ্যতৰ পৰিকল্পনা তথা কার্যপন্থা সন্দৰ্ভত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত বাণিজ্যিক উদ্যোগীকৰণৰ জৰিয়তে ৰাজ্যত ছাগলী বিপ্লৱ আৰু গাহৰি বিপ্লৱৰ প্ৰকল্পৰ বিষয়ে আলোচনা কৰা হয়। বিভাগে ৰূপায়ণ কৰি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ লগতে ৰাজ্যিক বাজেটৰ ব্যয়ৰ স্থিতিৰ বিষয়েও মন্ত্রী শ্রীবাই পর্যালোচনা কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বাকী থকা কামো সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।
Assamese | August 14, 2024 7:33 PM | Atul Bora
পশুপালন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অতুল বৰাৰ পর্যালোচনা বৈঠক