কৃষি মন্ত্ৰী অতুল বৰাই আজি গুৱাহাটীৰ নিকটৱৰ্তী কাঁহীকুছিত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত একেডৰা মাটিত বছৰত দুটা শস্যৰ খেতি সম্পৰ্কীয় এখন কৰ্মশালাত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে কৃষকৰ আয় বৃদ্ধিৰ বাবে একেটা বছৰত দুটা বা ততোধিক শস্যৰ খেতি কৰাৰ ক্ষেত্ৰত বিশেষ অগ্রাধিকাৰ প্ৰদান কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ে এই দিশত গুৰুত্ব আৰোপ কৰি শালিধান চপোৱাৰ পাছত ছন পৰি থকা ৰাজ্যৰ এহেজাৰ হেক্টৰ ভূমিত মাহজাতীয় শস্য, সৰিয়হ খেতি কৰাৰ বাবে অভিলাষী প্রকল্প প্রস্তুত কৰি উলিয়াইছে। এই প্ৰকল্পৰ জৰিয়তে শালিধান চপোৱাৰ পাছত ছন পৰি থকা পথাৰসমূহক আয়ৰ উৎস হিচাপে গঢ়ি তুলিবলৈ কৃষকসকলক সহায় কৰা হ’ব। অসম কৃষি বিশ্ববিদ্যালয়ে শস্যৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ ব্যৱস্থাকে ধৰি আনুষংগিক বিভিন্ন তথ্য ডিজিটেল মাধ্যমেৰে কৃষকসকলক যোগান ধৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰি উলিওৱা দ্বিভাষিক মোবাইল এপ অনুষ্ঠানটো মুকলি কৰা হয়।
Assamese | June 29, 2024 8:58 PM | atul bora kahikuchi workshop
অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত কৰ্মশালা, কৃষিমন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ