June 29, 2024 8:58 PM

views 43

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত কৰ্মশালা, কৃষিমন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ

কৃষি মন্ত্ৰী অতুল বৰাই আজি গুৱাহাটীৰ নিকটৱৰ্তী কাঁহীকুছিত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত একেডৰা মাটিত বছৰত দুটা শস্যৰ খেতি সম্পৰ্কীয় এখন কৰ্মশালাত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে কৃষকৰ আয় বৃদ্ধিৰ বাবে একেটা বছৰত দুটা বা ততোধিক শস্যৰ খেতি কৰাৰ ক্ষেত্ৰত বিশেষ অগ্রাধিকাৰ প্ৰদান কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ে এই দিশত গুৰুত্ব আৰোপ কৰি শালিধান চপোৱাৰ পাছত ছন পৰি থকা ৰাজ্যৰ এহেজাৰ হেক্টৰ ভূমিত মাহজাতীয় শস্য, সৰিয়হ খেতি কৰাৰ বাবে অভিলাষী প্রকল্প প্রস্তুত কৰি উলিয...