ভাৰতৰ অৰ্জুন কাধে আৰু ঋত্বিক বল্লিপাল্লিয়ে কালি কাজাখস্থানত আয়োজিত অলমেটি অ’পেন ২০২৪ এটিপি-২৫০ টেনিছ প্রতিযোগিতাত পুৰুষৰ ডাবলছ শাখাৰ খিতাপ অৰ্জন কৰিছে। কাধে আৰু বল্লিপাল্লিয়ে কলম্বিয়াৰ নিক’লাছ বেৰিয়নটছ আৰু টিউনিছিয়াৰ স্কেন্দাৰ মনচৌৰিক ছুপাৰ টাইব্ৰেকাৰত পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰে। ভাৰতীয় টেনিছ খেলুৱৈদ্বয়ে বিগত বৰ্ষত ইটালীৰ অ’লবিয়াত চেলেঞ্জাৰ খিতাপ অৰ্জন কৰাৰ পাছত এইবেলি ছেমি ফাইনেলত জাৰ্মানীৰ জেক’ব স্নেইটাৰ আৰু মাৰ্ক ৱালনাৰৰ যুটীটোক পৰাস্ত কৰি তেওঁলোকৰ প্ৰথমখন এটিপি ফাইনেলত খেলাৰ সুযোগ লাভ কৰে।
Assamese | October 21, 2024 11:53 AM | Tennis
অলমেটি অ’পেন ২০২৪ এটিপি- ২৫০ টেনিছ প্রতিযোগিতাত পুৰুষৰ ডাবলছত অৰ্জুন কাধে আৰু ঋত্বিক বল্লিপাল্লিয়ৰ খিতাপ অৰ্জন