অসম আৰু মিজোৰামৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে কাইলৈ দুয়োখন ৰাজ্যৰ মাজত মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব। মিজোৰামৰ গৃহ বিভাগে প্ৰকাশ কৰা মতে কাইলৈ বিয়লি আইজলৰ ৰাজ্যিক অতিথিশালাত এই বৈঠক অনুষ্ঠিত হ’ব। অসমৰ মন্ত্ৰী দলটোক সীমা সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই নেতৃত্ব দিয়াৰ বিপৰীতে মিজোৰামৰ দলটোক গৃহমন্ত্রী কে ছাপডাংগাই নেতৃত্ব দিব। দুয়োখন ৰাজ্যৰ মন্ত্ৰীসকলে কাইলৈ এই সন্দৰ্ভত এখন সংবাদমেলো সম্বোধন কৰিব। উল্লেখযোগ্য যে মুখ্যমন্ত্রী লালডোমহা নেতৃত্বাধীন জুৰাম পিপলছ মুভমেণ্ট দল শাসনলৈ অহাৰ পাছত এয়া ৰাজ্য দুখনৰ প্ৰথমখন সীমা সম্পৰ্কীয় বৈঠক হিচাপে পৰিগণিত হৈছে।
Assamese | August 8, 2024 7:25 PM | Assam Maghalya
দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে অসম আৰু মিজোৰামৰ মাজত কাইলৈ মন্ত্ৰী পৰ্যায়ৰ বৈঠক