অহা ১৫ ছেপ্তেম্বৰত হ‘বলগীয়া প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰ, অসম আৰক্ষী আৰু জিলা প্ৰশাসনসমূহে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে প্ৰতিখন জিলাতে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। আনহাতে, অসম আৰক্ষীয়ে আজি এই পৰীক্ষাক লৈ ভুৱা তথ্য প্ৰচাৰ কৰাৰ অভিযোগত এজন লোকক আটক কৰে। সামাজিক মাধ্যমত নিযুক্তি পৰীক্ষাক লৈ ভুৱা তথ্য দিয়াৰ অভিযোগত আৰক্ষীয়ে চাপৰত সুৰত জামাল নামৰ লোকজনক আটক কৰে। আনহাতে, ৰাজ্যিক নিযুক্তি আয়োগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে লখিমপুৰ জিলাৰ পৰীক্ষা কেন্দ্ৰসমূহত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত জিলা দণ্ডাধীশগৰাকীয়ে লিখিত পৰীক্ষা অনুষ্ঠিত হ‘বলগীয়া কেন্দ্ৰসমূহত এই নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসোৰে পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত প্ৰাৰ্থী আৰু পৰীক্ষাৰ দায়িত্ব নিয়োজিত কৰ্মচাৰীৰ বাহিৰে অন্য লোকৰ সমাবেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কোনো প্রার্থীয়ে মোবাইল ফোন বা আন কোনো ধৰণৰ ডিজিটেল যোগাযোগৰ মাধ্যম পৰীক্ষা কেন্দ্ৰসমূহলৈ নিব নোৱাৰিব। প্ৰাৰ্থীসকলে কেলকুলেটৰ, পেন ড্রাইভ, কাগজ, পাঠ্যপুথি বা অন্য কোনো অসৎ উপায় অৱলম্বন কৰা সামগ্রীও কেন্দ্ৰলৈ নিব নোৱাৰিব। এই আদেশ অমান্য কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ‘বৌ বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। ইপিনে, তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ে নিযুক্তি পৰীক্ষা সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। পৰিক্ষাৰ্থীসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তথা পৰীক্ষা সুকলমে অনুষ্ঠিত হয় তাৰ প্ৰতি পৰীক্ষাত নিয়োজিত সকলো ব্যক্তিকে চোকা দৃষ্টি ৰাখিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। সভাৰ অন্তত বাছ সন্থা আৰু ই-ৰিক্সা সন্থাৰ বিষয়ববীয়াৰ সৈতে আন এখন বৈঠক অনুষ্ঠিত হয়। দূৰণিবটীয়া পৰিক্ষাৰ্থীসকলে যাতে পৰীক্ষা কেন্দ্ৰলৈ সহজে যাব পাৰে সেই সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। উল্লেখযোগ্য যে ৰাজ্যিক নিযুক্তি আয়োগৰ অধীনত অহা ১৫, ২৯ ছেপ্তেম্বৰ আৰু ২৭ অক্টোবৰত নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ‘ব।
Assamese | September 9, 2024 8:04 PM | Assam Govt
অহা ১৫ ছেপ্তেম্বৰত হ’বলগীয়া প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কেতবোৰ নিষেধাজ্ঞা জাৰি