গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নৱ নির্মিত দলঙৰ ওপৰত টোলগেট স্থাপনৰ বাবে ৰাজ্য চৰকাৰে নিবিদা আহ্বান কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথত থকা টোলগেটৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰ্যালয়ে টোল সংগ্রহ কৰে যদিও লোকনির্মাণ বিভাগে কালি গুৱাহাটী-উত্তৰ গুৱাহাটী টোলগেটৰ বাবে নিবিদা আহ্বান কৰে। ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে টোলগেটৰ দ্বাৰা প্ৰথম বাৰলৈ কৰ সংগ্ৰহৰ আঁচনি লৈছে। এই টোলগেট নিৰ্মাণৰ বাবে লোক নির্মাণ বিভাগে ৬ কোটি ১১ লাখ ৬০ হাজাৰ টকাৰ নিবিদা প্রকাশ কৰিছে। উল্লেখযোগ্য যে, কুমাৰ ভাস্কৰ বৰ্মা সেতু হিচাপে নামকৰণ কৰা এই দলংখন অহা ১৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰাৰ কথা। ২০১৯ চনৰ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল।
Assamese | January 24, 2026 12:34 PM | Assam Govt
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নৱ নির্মিত দলঙৰ ওপৰত টোলগেট স্থাপনৰ বাবে ৰাজ্য চৰকাৰে নিবিদা আহ্বান