ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষকসকলৰ বদলিকৰণৰ বাবে অনলাইন আবেদনৰ সময়সীমা ২০ মে’লৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰাথমিক, মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু সমগ্ৰ শিক্ষাৰ অধীনৰ শিক্ষকসকলে একক অথবা পাৰস্পৰিক বদলিৰ বাবে WWW.HRMSASSAM.IN প’ৰ্টেলৰ জৰিয়তে ২০ মে’ৰ মাজ নিশা পৰ্যন্ত আবেদন কৰিব পাৰিব। এই ক্ষেত্ৰত কোনোধৰণৰ অফলাইন আবেদন পত্র গ্রহণ কৰা নহ’ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।
Assamese | May 6, 2025 6:47 PM | Assam Govt
শিক্ষকসকলৰ বদলিকৰণৰ বাবে অনলাইন আবেদনৰ সময়সীমা ২০ মে’লৈ বৃদ্ধি