ৰাজ্যত বান পৰিস্থিতি উন্নত হৈছে যদিও কেইবাটাও প্রান্তত খহনীয়া অব্যাহত আছে। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী পাথাৰগাঁৱত খহনীয়াত কেইটাবাও ঘৰ জাহ গৈছে। আনহাতে শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতি নৈৰ মথাউৰি খহনীয়া কবলত পৰিছে। যাৰ ফলত কাষৰীয়া প্ৰায় ১০ খন গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে। গোৱালপাৰা জিলাৰ বেলডুবি গাঁও পঞ্চায়তৰ পুঠিয়া, মাদকনাতো ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়া অব্যাহত আছে। বিগত সপ্তাহত ৩০টাকৈ পৰিয়ালৰ বাসগৃহৰ লগতে কৃষিভূমি খহনীয়াত জাহ গৈছে। খহনীয়াৰ বাবে নিজৰ ঘৰ এৰি ক্ষতিগ্রস্ত লোকসকলে অন্য স্থানলৈ ঢাপলি মেলিছে।
Assamese | July 23, 2024 7:42 PM | Assam Flood
ৰাজ্যত বান পৰিস্থিতি উন্নত হৈছে যদিও কেইবাটাও প্রান্তত খহনীয়া অব্যাহত