প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগে এটা গুৰুত্বপূর্ণ নির্দেশনা দিছে। ইতিমধ্যে, জিলা প্রাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকললৈ নিৰ্দেশনাটো প্ৰেৰণ কৰা হৈছে । সেই অনুসৰি শিক্ষা বিভাগৰ সংশ্লিষ্ট বিষয়াসকলে বিদ্যালয়লৈ গৈ শিক্ষাৰ্থীসকলৰ বেগৰ ওজন পৰীক্ষা কৰিবলৈও নির্দেশনা দিয়া হৈছে। ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বেগৰ ওজন চৰকাৰে নিৰ্ধাৰণ কৰা ওজনতকৈ অধিক হোৱাটো বিভাগৰ দৃষ্টিগোচৰ হোৱা বুলিও নিৰ্দেশনাটোত কোৱা হৈছে। উল্লেখযোগ্য যে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে স্কুল বেগৰ ওজন ডেৰ কেজি, তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ ২ৰ পৰা তিনি কেজি, ষষ্ঠৰ পৰা সপ্তম শ্ৰেণীলৈ ৪ কেজি, অষ্টম-নৱম শ্ৰেণীৰ চাৰে চাৰি কেজি আৰু দশম শ্ৰেণীৰ স্কুল বেগৰ ওজন ৫ কেজি নিৰ্ধাৰণ কৰি দিয়া হৈছে।
Assamese | April 22, 2024 11:23 AM | Assam Education
প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূর্ণ নির্দেশনা