লখিমপুৰত অনুষ্ঠিত অসম কেবিনেট বৈঠকত মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ জন্মক্ষেত্র উন্নয়ন প্ৰকল্পৰ বাবে ১৫ কোটি টকা অনুমোদন জনোৱা বিষয়টোত উৎফুল্লিত হৈ পৰিছে গুৰুজনাৰ অনুগামী ভকত-বৈষ্ণৱসকল। উল্লেখযোগ্য যে যোৱা ৩ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ জন্মস্থান পৰিদৰ্শন কৰি উপস্থিত ৰাইজক শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ দৰে অনিৰুদ্ধ দেৱৰ ক্ষেত্ৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰী ডº শৰ্মাই লগতে কৈছিল যে ফেব্ৰুৱাৰী- মাৰ্চ মাহৰ ভিতৰত ধলপুৰৰ বালিকুঞ্চি গ্ৰামত এই নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হ’ব। ৰাজ্য চৰকাৰৰ কেবিনেটত এই প্রকল্প অনুমোদন লাভ কৰাত সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজ, শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ জন্মস্থান উন্নয়ন সমিতিয়ে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জনাইছে।
Assamese | September 6, 2024 1:34 PM | assam cabinet
শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ জন্মক্ষেত্র উন্নয়ন প্ৰকল্পৰ বাবে মুখ্যমন্ত্রীৰ ১৫ কোটি টকা অনুমোদন