অৰুণাচল প্ৰদেশৰ সীমান্ত পথ সংস্থাৰ ৩২টা কৌশলগতভাৱে গুৰুত্বপূর্ণ আন্তঃগাঁথনি প্রকল্প কালি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। এই উপলক্ষে কালি পশ্চিম চিয়াং জিলাৰ আলোত ৪৪ নম্বৰ সীমান্ত পথ কার্যবাহিনীৰ এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ অৰুণাচল প্ৰদেশৰ আইন আৰু ন্যায় মন্ত্রী কেন্ট’ জিনিয়ে এই প্রকল্পসমূহে ভাৰত-চীন সীমান্তৰ চি য়ুমি আৰু আপাৰ চিয়াং জিলাত নিয়োজিত সেনাবাহিনীক বিশেষভাবে সহায় কৰিব বুলি আশা প্রকাশ কৰে। তেওঁ কয়, যে ইয়াৰ জৰিয়তে সশস্ত্র বাহিনী আৰু স্থানীয় লোকৰ মাজত যোগাযোগ উন্নত হোৱাৰ উপৰি যিকোনো অভিযানৰ প্ৰস্তুতি ক্ষীপ্ৰতাৰে কৰিব পৰা যাব। উল্লেখযোগ্য যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি লাডাখত অৰুণাচল প্ৰদেশৰ উপৰি মিজোৰাম, ছিকিম, পশ্চিমবংগ, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বাবে ১২৫টা প্রকল্প ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে।
Assamese | December 8, 2025 11:46 AM | Arunachal Pradesh
অৰুণাচল প্ৰদেশৰ সীমান্ত পথ সংস্থাৰ ৩২টা কৌশলগতভাৱে গুৰুত্বপূর্ণ আন্তঃগাঁথনি প্রকল্প উদ্বোধন