শ্রীঅমৰনাথ যাত্ৰাৰ আজি পঞ্চম দিন। প্ৰতিবছৰে ৩৮ দিনীয়াকৈ আয়োজিত এই অমৰনাথ যাত্ৰা এইবছৰ জুলাই মাহৰ ৩ তাৰিখে আৰম্ভ হৈছে আৰু বৰ্তমান মসৃণভাৱে আগবাঢ়ি গৈ আছে। দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ নুনৱান-পেহেলগাম বেচ কেম্প আৰু কেন্দ্ৰীয় কাশ্মীৰৰ গন্দাৰ্বল জিলাৰ বল্ল বেচ কেম্পৰ দুটা পথেদি এই যাত্ৰা আৰম্ভ হৈছে। কাশ্মীৰস্থিত হিমালয় অঞ্চলৰ ১২ হাজাৰ ৭৫৬ ফুট উচ্চতাত অৱস্থিত অমৰনাথ গুহা বৰফৰ স্বয়ম্ভূ শিৱলিংগৰ দৰে আকাৰৰ বাবে সকলোৰে মাজত বিখ্যাত। উৎসাহ উদ্দীপনাৰ এটা বাতাবৰণৰ মাজেৰে বল্ল আৰু পেহেলগাম বেচ কেম্পৰ পথ দুটাৰে কালিলৈকে প্ৰায় ৭০ হাজাৰ ভক্তই খোজকাঢ়ি এই গুহা দর্শন কৰি শ্ৰদ্ধা নিবেদিছে। আজি পুৱাৰ ভাগত পুৰুষ, মহিলা, শিশু, সাধু, সাধৱী সমন্বিতে প্রায় ৮ হাজাৰ ৬০০ যাত্ৰীৰ ষষ্ঠটো দলে ৩৭৩ খন বাহনেৰে দুটা পৃথক কনভয়েদি জম্মুৰ ভাগৱতী নগৰ বেচ কেম্পৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। আজি দিনৰ ১২ বজালৈকে ১৩ হাজাৰ ৩০০ তকৈ অধিক যাত্ৰীয়ে এই গুহা দৰ্শন কৰিছে।
Assamese | July 7, 2025 8:17 PM | Amarnath Yatra
৩৮ দিনীয়াকৈ আয়োজিত শ্রীঅমৰনাথ যাত্ৰাৰ আজি পঞ্চম দিন