ৰাজ্যত অহা ১ আগষ্টৰ পৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় অনুষ্ঠিত কৰা হ’ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গছপুলি ৰোপণৰ এই বিশাল পদক্ষেপৰ বাবে সাজু হ’বলৈ ৰাজ্যবাসীক আহ্বান জনাইছে। অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ত ৩ কোটি গছ পুলি ৰোপণ কৰা হ’ব। ১৫ দিন ধৰি এই আন্দোলন অব্যাহত থাকিব। ইতিমধ্যে ইয়াৰ বাবে প্ৰয়োজনীয় গছপুলিসমূহ সংৰক্ষণ কেন্দ্ৰত সাজু কৰি তোলা হৈছে। অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে সমাজৰ সকলো স্তৰৰ লোকে সেউজ অসম নিৰ্মাণৰ মহৎ লক্ষ্যৰে একত্ৰিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে।
Assamese | July 29, 2024 1:13 PM | amrit briksha andolan | CM
ৰাজ্যত ১ আগষ্টৰ পৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়, ৰাজ্যবাসীক সাজু হ’বলৈ মুখ্যমন্ত্ৰীৰ আহ্বান