কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আগন্তুক মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটী ক্ষমতালৈ আহিব বুলি দাবী কৰিছে। আজি মুম্বাইত অনুষ্ঠিত এখন অধিবেশনত বিজেপিৰ বিষয়ববীয়া আৰু কৰ্মীসকলক সম্বোধন কৰি শ্ৰীশ্বাহে তেওলোকক যিকোনো হতাশা জোকাৰি পেলাবলৈ, সমীক্ষাত মনোনিবেশ নকৰিবলৈ আৰু আগন্তুক নিৰ্বাচনত দলৰ জয় নিশ্চিত কৰাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। গৃহমন্ত্ৰীগৰাকীয়ে বিজেপিৰ কৰ্মীসকলক ভোটাৰৰ হাৰ ১০ শতাংশ বৃদ্ধিৰ লক্ষ্য লবলৈ আহ্বান জনায়।
Assamese | October 1, 2024 8:37 PM | Amit Shah
মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটী ক্ষমতালৈ আহিব বুলি অমিত শ্বাহৰ দাবী