বিশিষ্ট বিষ নিৰাময় বিশেষজ্ঞ তথা গুৱাহাটীৰ এখন আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ভৱেন চন্দ্ৰ বড়োৱে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সভাকক্ষত অস্ত্ৰোপচাৰবিহীন বিষ নিৰাময় সম্পর্কত ব্যাখ্যা আগবঢ়ায়। তেওঁ কয়, যে অত্যাধুনিক ৰেডিঅ’ ইণ্টাৰভেনছন পদ্ধতিৰ জৰিয়তে বর্তমান মানৱ শৰীৰত বিষৰ উৎসৰ সন্ধান কৰি ইয়াৰ চিকিৎসা কৰা হয়। আকাশবাণী গুৱাহাটীৰ বিষয়া কৰ্মচাৰীসকলে বিষ সম্পৰ্কত কৰা ভালেমান প্রশ্নৰো চিকিৎসকগৰাকীয়ে সদুত্তৰ দিয়ে। তেওঁ ৰাজহাড়ৰ বিষ সম্পৰ্কত থকা ভালেমান ভুল ধাৰণা সম্পর্কতো বৈজ্ঞানিক ব্যাখ্যা আগবঢ়ায়।
Assamese | August 19, 2025 8:25 PM | Akashvani
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সভাকক্ষত অস্ত্ৰোপচাৰবিহীন বিষ নিৰাময় সম্পর্কত ডাঃ ভৱেন চন্দ্ৰ বড়োৰ ব্যাখ্যা