মৰিগাঁও জিলা উন্নয়ন সমিতিৰ বৈঠকত বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ

মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে আজি জিলা উন্নয়ন সমিতিৰ বৈঠকত অংশ লৈ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে। তেওঁ লোকনিৰ্মাণ বিভাগক মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে বিভিন্ন বিভাগৰ অভিযন্তাসকলক সময়ে সময়ে নির্মীয়মান প্রকল্পসমূহ পৰিদৰ্শন কৰি কামৰ মান পৰীক্ষা কৰাৰ লগতে ২০২৪-২৫ বিত্তীয় বৰ্ষত অনুমোদন লাভ কৰা প্ৰকল্পসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

মন্ত্ৰীগৰাকীয়ে ২০২২-২৩ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ অনুমোদিত পথসমূহৰ নিৰ্মাণ কাৰ্য অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰি নতুন পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ বিভাগক নির্দেশ দিয়ে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কামৰ পৰ্যালোচনা কৰি তেওঁ পঞ্চায়তীৰাজ ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰৰ প্ৰতিখন আঁচনিৰ বিষয়ে যাতে ৰাইজ অৱগত হয় তাৰ বাবে জন প্রতিনিধিসকলে প্রতি মাহে নিজেই উন্নয়ন খণ্ডলৈ গৈ ৰাইজক সজাগ কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে।

মৰিগাঁও জিলাত চৰকাৰী সাহায্যৰে মৎস্য উৎপাদনৰ পূৰ্ণ সম্ভাৱনা আছে বুলি উল্লেখ কৰি শ্ৰীমতী নেওগে মীন বিভাগক বৃহৎ পৰিসৰত পৰিকল্পনা কৰিবলৈ আহ্বান জনায়। তেওঁ মহিলা আৰু শিশু বিকাশ বিভাগৰ পৰ্যালোচনা কৰি বেটী বচাও বেটী পঢ়াও অভিযানৰ অধীনত শিক্ষা বিভাগৰ সৈতে লগ হৈ সজাগতা অভিযান চলোৱাৰ বাবেও পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে লগতে জিলাখনত বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিয়ে।