June 11, 2026 9:46 PM

views 23

মৰিগাঁও জিলা উন্নয়ন সমিতিৰ বৈঠকত বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ

মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে আজি জিলা উন্নয়ন সমিতিৰ বৈঠকত অংশ লৈ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে। তেওঁ লোকনিৰ্মাণ বিভাগক মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে বিভিন্ন বিভাগৰ অভিযন্তাসকলক সময়ে সময়ে নির্মীয়মান প্রকল্পসমূহ পৰিদৰ্শন কৰি কামৰ মান পৰীক্ষা কৰাৰ লগতে ২০২৪-২৫ বিত্তীয় বৰ্ষত অনুমোদন লাভ কৰা প্ৰকল্পসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ বাবেও নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে ২০২২-২৩ বৰ্ষৰ পৰা ২০২৪-২৫ ...