February 1, 2025 1:10 PM | air guwahati dristipat

printer

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ত আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ২০২৫- ২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ’ব। আলোচনাত গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অর্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড০ বিপুল কুমাৰ ৰাভা, ষ্টাৰ্ট আপ উদ্যমী প্ৰণৱ তালুকদাৰ আৰু নবীন উদ্যোগী ভাস্কৰজ্যোতি হালৈয়ে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় এই আলোচনাৰ আঁত ধৰিব আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই আজি নিশা চাৰে ৯ বজাত প্ৰচাৰ কৰিব।