আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলে WHATSAPP NO. ৯৮৬৪০-৫৫৫৬৬ যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ’ব। অনুষ্ঠানটোত ভাগ ল’ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে। ভাৰতীয় গণসংযোগ প্রতিষ্ঠান চমুকৈ আই আই এম চিৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ড° শাশ্বতী গোস্বামীও ষ্টুডিঅ’ত উপস্থিত থাকি বাতৰি সম্পৰ্কত তেওঁৰ মতামত আগবঢ়াব। অনুষ্ঠান চলি থকাৰ সময়ত আগ্রহী শ্রোতাই ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰত ফোন কৰিব পাৰিব৷
Assamese | January 11, 2025 1:29 PM | air guwahati dristipat
আকাশবাণী গুৱাহাটীত আজি নিশা ৮ বাজি ২ মিনিটত বিশেষ দৃষ্টিপাত অনুষ্ঠান