আকাশবাণীৰ সৈতে সম্পৰ্ক আৰু আকাশবাণীৰ বৰ্তমানৰ অনুষ্ঠানসমূহৰ মান সম্পৰ্কত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আগবঢ়োৱা মতামতে আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰা হ’ব এটা বিশেষ দৃষ্টিপাত। এই অনুষ্ঠানত ভাগ ল’ব বিশিষ্ট বিজ্ঞানী কল্পবিজ্ঞান লেখক ড০ দীনেশ চন্দ্ৰ গোস্বামী, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া ধীৰেন্দ্ৰ নাথ শইকীয়া, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন জ্যেষ্ঠ বিষয়া শেৱালী চৌধুৰী, বিশিষ্ট শিল্পী, বনচাই বিশেষজ্ঞ লাবু সেনাপতি আৰু জ্যেষ্ঠ সাংবাদিক গৌতম শর্মাই। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।
Assamese | October 11, 2025 1:37 PM | air dristipat
আকাশবাণী গুৱাহাটীৰ আজিৰ বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী, কল্পবিজ্ঞান লেখক ড০ দীনেশ চন্দ্ৰ গোস্বামী