ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু দুদিনীয়া ভ্ৰমণসূচীৰে আজি উত্তৰাখণ্ডত উপস্থিত হ’ব। অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্রতিষ্ঠান (এইমছ) ঋষিকেশত সমাৱর্তন অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। তেওঁ ঋষিকেশৰ পৰমাৰ্থ আশ্ৰমৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰাৰ লগতে সন্ধিয়া গংগা আৰতীত উপস্থিত থাকিব। কাইলৈ ভাৰতীয় বন সেৱাৰ সমাৱর্তন অনুষ্ঠানতো ৰাষ্ট্ৰপতিগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
Assamese | April 23, 2024 12:51 PM | AIIMS | murmu
আজি উত্তৰাখণ্ডলৈ যাব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু