April 23, 2024 12:51 PM

views 57

আজি উত্তৰাখণ্ডলৈ যাব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু দুদিনীয়া ভ্ৰমণসূচীৰে আজি উত্তৰাখণ্ডত উপস্থিত হ'ব। অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্রতিষ্ঠান (এইমছ) ঋষিকেশত সমাৱর্তন অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। তেওঁ ঋষিকেশৰ পৰমাৰ্থ আশ্ৰমৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰাৰ লগতে সন্ধিয়া গংগা আৰতীত উপস্থিত থাকিব। কাইলৈ ভাৰতীয় বন সেৱাৰ সমাৱর্তন অনুষ্ঠানতো ৰাষ্ট্ৰপতিগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

March 29, 2024 9:58 PM

views 40

জম্মু-কাশ্মীৰত যাত্ৰীবাহী বাহনৰ দুৰ্ঘটনাক লৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, সাহায্য ঘোষণা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেটৰী চেচমাৰ সমীপত সংঘটিত দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে সামাজিক মাধ্যমযোগে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়লৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। প্রধানমন্ত্রী মোদীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকট আত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ ট...