কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি দেশৰ কৃষি খণ্ডৰ দ্ৰুত বিকাশৰ লক্ষ্যৰে নতুন দিল্লীত অসমৰ কৃষি মন্ত্ৰী অতুল বৰাৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে মাটিৰ গুণাগুণ, সংৰক্ষণ সামৰ্থৰ বিকাশ, অসমৰ উদ্যান শস্যকে ধৰি কৃষি আৰু কৃষক উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয়ে আলোচনা কৰে। বৈঠকত কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে, কৃষি আৰু কৃষকৰ কল্যাণ চৰকাৰৰ অন্যতম লক্ষ্য আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ কৃষকসকলৰ সামৰ্থ বিকাশৰ বাবে বিভিন্ন কর্মশালা আৰু প্ৰশিক্ষণৰ বাবে ৰাজ্যখনত সকলো ধৰণে সহায় আগবঢ়াই যাব।
Assamese | July 2, 2024 12:48 PM | Agri Assam
দেশৰ কৃষি খণ্ডৰ দ্ৰুত বিকাশৰ লক্ষ্যৰে অতুল বৰা আৰু শিৱৰাজ সিং চৌহান বৈঠকত মিলিত