February 11, 2025 8:03 PM

views 86

প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিঃ ৰাজ্যত কৃষকসকলৰ পঞ্জীয়ন কাৰ্যসূচী অব্যাহত

ৰাজ্যৰ প্ৰতিখন জিলাতে প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিৰ সুবিধা লাভ কৰা কৃষকসকলৰ পঞ্জীয়ন কাৰ্যসূচী পূর্ণগতিত চলি আছে। চৰাইদেউ জিলা কৃষি বিভাগে নিজৰ নামত মাটিৰ পট্টা থকা, এতিয়ালৈকে কৃষক পঞ্জীয়ন নকৰা জিলাখনৰ হিতাধিকাৰী সকলক অনতিপলমে নিকটৱৰ্তী অৰুণোদয় কেন্দ্ৰলৈ গৈ পঞ্জীয়ন কৰাবলৈ অনুৰোধ জনাইছে। এই আঁচনিৰ সুবিধা লাভ কৰা কৃষকে সময়তে পঞ্জীয়ন নকৰালে পৰৱৰ্তী কিস্তিৰ পৰা বঞ্চিত হ’ব বুলি কৃষি বিভাগে জানিবলৈ দিছে। বিভাগে লগতে নিজৰ নামত মাটিৰ নামজাৰি নোহোৱা হিতাধিকাৰীসকলকো শীঘ্ৰে নামজাৰিৰ বাবে আবেদ...

November 10, 2024 7:18 PM

views 93

ৰাজ্যৰ কৃষকসকলৰ বিত্তীয় সাক্ষৰতাৰ লক্ষ্যৰে গ্ৰহণ কৰা কৃষাৰ্থক শীৰ্ষক পদক্ষেপৰ দ্বাৰা ২ লাখৰো অধিক কৃষক উপকৃত

অসম কৃষি ব্যৱসায় গ্ৰাম্য ৰূপান্তৰকৰণ প্রকল্প অর্থাৎ এপাৰ্টে ৰাজ্যখনৰ কৃষকসকলৰ বিত্তীয় সাক্ষৰতাৰ লক্ষ্যৰে গ্ৰহণ কৰা কৃষাৰ্থক শীৰ্ষক পদক্ষেপৰ দ্বাৰা ২ লাখৰো অধিক কৃষক উপকৃত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে ইয়াৰ ফলত ২ শতাধিক স্থানীয় যুৱক- যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিছে। তেওঁলোকে বিত্তীয় সহায়ক হিচাপে কৃষকসকলক তথ্য যোগান ধৰি আহিছে। এই পদক্ষেপৰ সহায়ত ডিজিটেল ব্যৱস্থাৰে বিত্তীয় পৰামৰ্শ প্ৰদান কৰা হয় ৷

August 19, 2024 9:19 PM

views 68

কৃষিভূমিত চৰহা পোকৰ আক্ৰমণ ৰোধ কৰিবলৈ যোৰহাট জিলাৰ কৃষি বিভাগে যাৱতীয় কাৰ্যসূচী গ্ৰহণ

কৃষিভূমিত চৰহা পোকৰ আক্ৰমণ ৰোধ কৰিবলৈ যোৰহাট জিলাৰ কৃষি বিভাগে যাৱতীয় কাৰ্যসূচী গ্ৰহণ কৰিছে। শেহতীয়াকৈ কৃষি বিভাগৰ বিষয়াসকলে জিলাখনৰ টীয়ক, চেলেংহাট, নকছাৰী আৰু চিপাহীখোলাৰ ক্ষতিগ্রস্থ কৃষিভূমিসমূহ পৰিদৰ্শন কৰে৷ জিলাখনৰ কৃষি উন্নয়ন বিষয়াৰ তত্বাৱধানত কৃষকৰ মাজত কীটনাশক ঔষধ বিতৰণ কৰাৰ লগতে সজাগতা সভা অনুষ্ঠিত কৰা হৈছে৷ ইয়াৰ লগতে সজাগতা সভাসমূহত কৃষি বিষয়াসকলে কৃষকসকলক সংহত কীট নিয়ন্ত্রণ পদ্ধতিসমূহৰ বিষয়ে অৱগত কৰিছে। কৃষি বিভাগৰ বিষয়া- কৰ্মচাৰীৰ এটা দলে খেতি অনিষ্ট হোৱা এলেকাত উপস্থিত হৈ ...

July 2, 2024 12:48 PM

views 72

দেশৰ কৃষি খণ্ডৰ দ্ৰুত বিকাশৰ লক্ষ্যৰে অতুল বৰা আৰু শিৱৰাজ সিং চৌহান বৈঠকত মিলিত

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি দেশৰ কৃষি খণ্ডৰ দ্ৰুত বিকাশৰ লক্ষ্যৰে নতুন দিল্লীত অসমৰ কৃষি মন্ত্ৰী অতুল বৰাৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে মাটিৰ গুণাগুণ, সংৰক্ষণ সামৰ্থৰ বিকাশ, অসমৰ উদ্যান শস্যকে ধৰি কৃষি আৰু কৃষক উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয়ে আলোচনা কৰে। বৈঠকত কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে, কৃষি আৰু কৃষকৰ কল্যাণ চৰকাৰৰ অন্যতম লক্ষ্য আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ কৃষকসকলৰ সামৰ্থ বিকাশৰ বাবে বিভিন্ন কর্মশালা আৰু প্ৰশিক্ষণৰ বাবে ৰাজ্যখনত সকলো ধৰণ...