অসম গণ পৰিষদ দলৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অহা ১৪ অক্টোবৰত ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাইত অনুষ্ঠিত কৰাৰ বাবে দলে সিদ্ধান্ত গ্ৰহণ কৰিছে। দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনাৰ বাবে আজি জেৰাইৰ মিনি ষ্টেডিয়ামত দলৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়া, ভাতৃ-ভগ্নী সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজৰ উপস্থিতিত আজি এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে দিৱস উদযাপনৰ বাবে সমিতি গঠন কৰা হয় ৷
Assamese | September 9, 2024 8:01 PM | AGP
অহা ১৪ অক্টোবৰত ডিব্ৰুগড়ত অসম গণ পৰিষদ দলৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস