January 6, 2026 7:07 AM

views 76

অগপৰ বজালী জিলা সমিতিৰ কাৰ্যালয়ত নতুন বছৰ উপলক্ষে সাংবাদিকৰ সৈতে মত-বিনিময় অনুষ্ঠান

অগপৰ বজালী জিলা সমিতিৰ কাৰ্যালয়ত আজি নতুন বছৰ উপলক্ষে সাংবাদিকৰ সৈতে হোৱা এটা মত- বিনিময় অনুষ্ঠানত সমাগত নির্বাচনত বজালী সমষ্টিত অগপই প্রার্থিত্ব বিচৰাৰ কথা প্ৰকাশ কৰে। ইংৰাজী নৱবৰ্ষত বজালীৰ সাংবাদিকসকলক শুভেচ্ছা জনোৱাৰ বাবে অগপৰ বজালী বিধানসভা সমষ্টিৰ সমিতিৰ সভাপতি জিন্টু চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত এই মত-বিনিময় অনুষ্ঠানত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ড০ ৰঞ্জিত ডেকাই মিত্ৰজোঁটৰ ধৰ্ম অনুসৰি এই সমষ্টিটো অগপক এৰি দিয়াৰ পোষকতা কৰে। তেওঁ কয় যে অগপ-বিজেপি লগ হৈ অসমৰ উন্নতিৰ হকে কাম কৰি আহিছে ...

November 25, 2025 12:29 PM

views 67

বিজেপি আৰু অগপই মিত্ৰতাৰে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত প্ৰাৰ্থী দিব: মুখ্যমন্ত্রী

● সমাগত বিধানসভা নির্বাচনত বিজেপি আৰু অগপই মিত্ৰতাৰে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত প্ৰাৰ্থী দিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ৰঙিয়াত প্ৰকাশ কৰে। ইয়াৰে ২২ টা সমষ্টিত জনগাঁঠনিগত কাৰণত তেওঁলোক জয়ী হোৱাৰ সম্ভাৱনা ক্ষীণ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কালি ৰঙিয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। ৰাইজে ভালপোৱা প্রার্থীক প্রার্থীত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অগপৰ নেতৃবৰ্গৰ সৈতে এই সন্দৰ্...

May 6, 2025 9:43 AM

views 65

অহা বিধানসভা নির্বাচলৈ অগপ আৰু বিজেপিৰ মিত্ৰতা অটুত থাকিব: মুখ্যমন্ত্রী

অহা বিধানসভা নির্বাচলৈ অগপ আৰু বিজেপিৰ মিত্ৰতা অটুত থাকিব। বজালীত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। বজালীত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে মিত্ৰতা অটুত থাকিলেও পৰৱৰ্তী বিধানসভা নিৰ্বাচনত আসনৰ সংখ্যা কম-বেছি হ'ব পাৰে। ইপিনে, বিটিআৰৰ আসন্ন নির্বাচনৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে মিত্রতা নহ'বও পাৰে বুলি জানিবলৈ দিয়ে। অৱশ্যে বিটিআৰ নিৰ্বাচনত বিজেপি আৰু ইউ পি পি এলে বন্ধুত্বমূলক...

October 20, 2024 11:54 AM

views 47

মন্ত্রী অশোক সিংহল আৰু বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো কালি চিদলী বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে চিৰাঙত বিজেপি, ইউ পি পি এল আৰু অগপ দলৰ মাজত যৌথ বৈঠক অনুষ্ঠিত

ৰাজ্যৰ ৫টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ নির্বাচন সন্দৰ্ভত ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মন্ত্রী অশোক সিংহল আৰু বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে কালি চিদলী বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে চিৰাং জিলাৰ কাশীকোত্রাত কেন্দ্ৰীয় দলীয় কার্যালয় মুকলি কৰি বিজেপি, ইউ পি পি এল আৰু অগপ দলৰ মাজত যৌথ বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত অশোক সিংহলে সংবাদ মাধ্যমত কয় যে মন্ত্রী উপ নির্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে ৫টা সমষ্টিটে বিপুল ভোটত জয়ী হ'ব। ইপিনে বি টি চিৰ মুখ্য কার্য...

October 14, 2024 7:58 PM

views 88

অসম গণ পৰিষদ দলৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত জন্মলাভ কৰা আঞ্চলিক দল অসম গণ পৰিষদ দলে আজি ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। ডিব্ৰুগড় জিলাৰ লাহোৱাল-চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত জেৰাই গাঁৱত আজি দিনযোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে দলটোৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। দলৰ সভাপতি অতুল বৰাই পতাকা উত্তোলনেৰে আৰম্ভ কৰা এই কাৰ্যসূচীত জিলা সমিতিসমূহৰ সভাপতিসকল আৰু দলৰ আন জ্যেষ্ঠ নেতাসকলে ৪০ খন পতাকা উত্তোলন কৰে। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত শ্বহীদ তৰ্পণ কৰি দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই অসম আন্দোলনৰ সময়ত শ্বহীদসক...

September 9, 2024 8:01 PM

views 52

অহা ১৪ অক্টোবৰত ডিব্ৰুগড়ত অসম গণ পৰিষদ দলৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

অসম গণ পৰিষদ দলৰ ৪০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অহা ১৪ অক্টোবৰত ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাইত অনুষ্ঠিত কৰাৰ বাবে দলে সিদ্ধান্ত গ্ৰহণ কৰিছে। দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনাৰ বাবে আজি জেৰাইৰ মিনি ষ্টেডিয়ামত দলৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়া, ভাতৃ-ভগ্নী সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজৰ উপস্থিতিত আজি এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে দিৱস উদযাপনৰ বাবে সমিতি গঠন কৰা হয় ৷

August 6, 2024 9:07 PM

views 51

অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত ৪ খন গুৰুত্বপূৰ্ণ বর্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত

অসম গণ পৰিষদৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত আজি অসম মহিলা পৰিষদ, অসম কৃষক পৰিষদ, অসম ছাত্ৰ পৰিষদ আৰু অসম ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ৪ খন গুৰুত্বপূৰ্ণ বর্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হয়। চাৰিখন সভাতে কেন্দ্রীয় সমিতি, জিলা সমিতি আৰু সমষ্টি সমিতিৰ সভাপতি, সম্পাদক তথা বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। মূলতঃ তৃণমূল পৰ্যায়ৰ পৰা দলটোক সাংগঠনিকভাৱে শক্তিশালী কৰা আৰু নিৰ্বাচনকেন্দ্ৰিক প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে এই সভাকেইখন অনুষ্ঠিত কৰা হয়। সেই অনুসৰি অহা ১১, ১২ আৰু ১৩ আগষ্ট তাৰিখে সকল...