সেনাবাহিনীয়ে মধ্য অসমৰ চাৰিখন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱত অগ্নিবীৰ নিযুক্তিৰ বাবে আবেদন গ্ৰহণৰ সময়সীমা ২৫ এপ্ৰিললৈ বৃদ্ধি কৰিছে। সেই অনুসৰি ১২ মাৰ্চত আৰম্ভ হোৱা অনলাইন পঞ্জীয়ন ২৫ এপ্রিল পর্যন্ত অব্যাহত থাকিব। যোগ্যতাসম্পন্ন ইচ্ছুক প্রার্থীয়ে সেনাবাহিনীৰ অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.inৰ যোগেদি আবেদন কৰিব পাৰিব। সবিশেষ জানিবলৈ সেনাবাহিনীৰ শ্বিলঙৰ নিযুক্তি কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব।
Assamese | April 21, 2025 7:38 PM | Agnibir
অগ্নিবীৰ নিযুক্তিৰ বাবে আবেদন গ্ৰহণৰ সময়সীমা ২৫ এপ্ৰিললৈ বৃদ্ধি