April 21, 2025 7:38 PM

views 67

অগ্নিবীৰ নিযুক্তিৰ বাবে আবেদন গ্ৰহণৰ সময়সীমা ২৫ এপ্ৰিললৈ বৃদ্ধি

সেনাবাহিনীয়ে মধ্য অসমৰ চাৰিখন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱত অগ্নিবীৰ নিযুক্তিৰ বাবে আবেদন গ্ৰহণৰ সময়সীমা ২৫ এপ্ৰিললৈ বৃদ্ধি কৰিছে। সেই অনুসৰি ১২ মাৰ্চত আৰম্ভ হোৱা অনলাইন পঞ্জীয়ন ২৫ এপ্রিল পর্যন্ত অব্যাহত থাকিব। যোগ্যতাসম্পন্ন ইচ্ছুক প্রার্থীয়ে সেনাবাহিনীৰ অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.inৰ যোগেদি আবেদন কৰিব পাৰিব। সবিশেষ জানিবলৈ সেনাবাহিনীৰ শ্বিলঙৰ নিযুক্তি কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব।

July 23, 2024 7:46 PM

views 43

আজিৰ পৰা অহা ২৭ জুলাইলৈ শোণিতপুৰৰ মিছামাৰীত অগ্নিবীৰ নিযুক্তি সমাৱেশৰ আয়োজন

শ্বিলঙৰ নিযুক্তি কার্যালয়ে আজিৰ পৰা অহা ২৭ জুলাইলৈ শোণিতপুৰৰ মিছামাৰী সেনা ছাউনিত অসমৰ কেইবাখনো জিলাৰ নিৰ্বাচিত প্ৰাৰ্থীৰ বাবে অগ্নিবীৰ নিযুক্তি সমাৱেশৰ আয়োজন কৰিছে। যোৱা এপ্রিল-মে' মাহত দেশজুৰি অনুষ্ঠিত প্ৰৱেশ পৰীক্ষাত শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁও জিলাৰ উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে এই নিযুক্তি সমাৱেশৰ আয়োজন কৰা হয়। জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই আজি যশৱন্ত ষ্টেডিয়ামত উপস্থিত হৈ প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে, নিযুক্তি সমাৱেশৰ সময়ত প্ৰায় এহেজাৰ ১০০ গৰাকী নিৰ্বাচিত অগ্ন...

July 22, 2024 7:34 PM

views 54

অহা ২৭ জুলাইলৈ শোণিতপুৰৰ মিছামাৰীত অগ্নিবীৰ নিযুক্তি সমাৱেশৰ আয়োজন

শ্বিলঙৰ নিযুক্তি কার্যালয়ে কাইলৈৰ পৰা অহা ২৭ জুলাইলৈ অসমৰ কেইবাখনো জিলাৰ নিৰ্বাচিত প্ৰাৰ্থীৰ বাবে শোণিতপুৰৰ মিছামাৰী সামৰিক ঘাটিত অগ্নিবীৰ নিযুক্তি সমাৱেশৰ আয়োজন কৰিছে। যোৱা এপ্রিল-মে' মাহত দেশজুৰি অনুষ্ঠিত প্ৰৱেশ পৰীক্ষাত শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁও জিলাৰ উত্তীর্ণ প্রার্থীয়ে এই নিযুক্তি সমাৱেশত অংশগ্ৰহণ কৰিব পাৰিব। নিযুক্তি সমাৱেশৰ সময়ত প্ৰায় এহেজাৰ ১০০ গৰাকী নিৰ্বাচিত অগ্নিবীৰ প্ৰাৰ্থীয়ে কঠিন বাচনি পৰীক্ষাৰ মাজেৰে পাৰ হ'ব লাগিব। প্ৰাৰ্থীসকলে শাৰীৰিক সক্ষমতা আৰু স্বাস্থ্য পৰীক্ষ...

July 4, 2024 12:47 PM

views 52

অগ্নিবীৰ অজয় কুমাৰক প্ৰদান কৰা ধনৰাশি সন্দৰ্ভত স্পষ্টীকৰণ ভাৰতীয় সেনা বাহিনীৰ

ভাৰতীয় সেনা বাহিনীয়ে কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া অগ্নিবীৰ অজয় কুমাৰক চৰকাৰে প্ৰদান কৰা ধনৰাশি সন্দৰ্ভত স্পষ্টীকৰণ দিছে। সেনা বাহিনীয়ে কয় যে, অগ্নিবীৰ অজয়ৰ পৰিয়ালক ধনৰাশিৰ ৯৮ লাখ ৩৯ হাজাৰ টকা ইতিমধ্যে প্ৰদান কৰা হৈছে। সেনা বাহিনীয়ে লগতে কয় যে, অগ্নিবীৰ আঁচনি অনুসৰি প্ৰায় ৬৭ লাখ টকাৰ এককালীন সাহায্য আৰু অন্যান্য লাভৰ ধন আৰক্ষী সত্যাসত্যনিৰূপণৰ পাছত প্ৰদান কৰা হ'ব। শ্বহীদ জোৱানগৰাকীৰ পৰিয়ালে মুঠ ১ কোটি ৬৫ লাখ টকা লাভ কৰিব। সামাজিক মাধ্যমত প্ৰচাৰিত কিছু পোষ্টত বীৰ শ্বহীদ জোৱান অজয...