কেৰালাত আজি নিচেই পুৱা সংঘটিত এটা শোকাবহ ঘটনাত দুগৰাকী কন্যাসহ এগৰাকী মাতৃৰ অগ্নিদগ্ধ হৈ মৃত্যু হয়। মৃত কন্যা দুগৰাকীৰ বয়স ৮ বছৰ আৰু ৫ বছৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ৰাজ্যখনৰ এৰ্নাকুলাম জিলাৰ আংগামেলিত বসবাস কৰা মহিলাগৰাকীৰ ঘৰটোত আকস্মিকভাৱে জুই লগাৰ ফলতে দুৰ্ভাগ্যজনকভাৱে তিনিওৰে মৃত্যু হয়। আৰক্ষীৰ মতে শৰ্টচাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হয়।
Assamese | June 8, 2024 2:51 PM | Akashvani News | Kerala
কেৰালাত পুৱা সংঘটিত এটা শোকাবহ ঘটনাত দুগৰাকী কন্যাসহ এগৰাকী মাতৃৰ অগ্নিদগ্ধ হৈ মৃত্যু