April 20, 2025 10:50 AM

views 22

মুৰ্ছিদাবাদৰ সাম্প্ৰদায়িক হিংসাৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে আলোচনা কৰা হব বুলি ৰাজ্যপাল চি ভি বসুৰ প্ৰকাশ

মুৰ্ছিদাবাদৰ সাম্প্ৰদায়িক হিংসাৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে আলোচনা কৰা হ'ব আৰু বাস্তৱিক পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব বুলি পশ্চিমবংগৰ ৰাজ্যপাল চি ভি বসুৱে প্ৰকাশ কৰিছে। কালি মুৰ্ছিদাবাদ জিলাৰ অশান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি কলকাতালৈ ওভতাৰ সময়ত সাংবাদিক...

April 20, 2025 10:45 AM

views 62

৭ মে’ত কামৰূপ জিলাত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে নির্বাচনী প্ৰচাৰ আৰম্ভ

অহা ৭ মে'ত কামৰূপ জিলাত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি, অগপ আৰু ৰাভা-হাছং যৌথ সংগ্রাম সমিতিয়ে একেলগে এই নির্বাচনী প্ৰচাৰ চলাইছে। কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ দলে সুকীয়া সুকীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। কমলপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ বিধায়ক ভৱেশ কলিতা, পলাশবাৰীৰ...

April 20, 2025 10:37 AM

views 43

২ মে’ৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি

অহা ২ মে’ত হবলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। শাসক-বিৰোধী সকলো নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে। ডিব্ৰুগড় জিলাত ইতিমধ্যে বহুকেইজন বিজেপিৰ প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। জিলা পৰিষদত ৩ জন, আঞ্চলিক পঞ্চায়তত ১০ জন নির্বাচিত হোৱাৰ লগতে প...

April 20, 2025 10:28 AM

views 31

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আমন্ত্রণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানৰ বাবে তেওঁক আমন্ত্রণ জনায়। মুখ্যমন্ত্রীয়ে শ্রীমোদীক অসম জৈৱ ইথানল প্ৰকল্পৰ উদ্বোধন আৰু ৫৭০০ কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটী ...

April 20, 2025 10:25 AM

views 19

যোগীঘোপাত নির্মীয়মান আন্তঃৰাষ্ট্ৰীয় বহুমুখী মাল্টি ম’ডেল ল’জিষ্টিক পার্ক ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকৰ পৰিদর্শন

ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকে কালি অসম ভ্ৰমণ কৰি ভাৰতমালা প্রকল্পৰ অধীনত যোগীঘোপাত নির্মীয়মান আন্তঃৰাষ্ট্ৰীয় বহুমুখী মাল্টি ম’ডেল ল’জিষ্টিক পার্ক পৰিদর্শন কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ভূটানৰ ৰজাগৰাকীক আদৰণি জনায়। ভাৰতমালা প্রকল্পৰ অধ...

April 20, 2025 10:20 AM

views 58

বিশ্বৰ বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ ইষ্টাৰ পালন

বিশ্বৰ বিভিন্ন প্ৰান্তৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আজি ইষ্টাৰ পালন কৰিছে। এই উপলক্ষে গীর্জা ঘৰসমূহত বিশেষ প্ৰাৰ্থনাসভাৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দেশ-বিদেশৰ সকলো লোক বিশেষকৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা ব...

April 20, 2025 10:17 AM

views 64

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পেৰু অভিমুখে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আজি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পেৰু ভ্ৰমণসূচীৰে ৰাওনা হ'ব। আমেৰিকাৰ ছেনফ্ৰান্সিস্কোৰ দুদিনীয়া ভ্ৰমণকালত শ্ৰীমতী সীতাৰমণে ষ্টেনফোর্ড বিশ্ববিদ্যালয়ৰ হুৱৰ প্ৰতিষ্ঠানত মূল ভাষণ দিব আৰু আগশাৰীৰ পুঁজি ব্যৱস্থাপনা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় ...

April 20, 2025 10:14 AM

views 39

ইছলামীয় সহযোগিতা সংস্থা মঞ্চৰ অপব্যহাৰ কৰাৰ বাবে পাকিস্তানক ভাৰতৰ তীব্ৰ গৰিহণা

ভাৰতে ইছলামীয় সহযোগিতা সংস্থা মঞ্চৰ অপব্যহাৰ কৰাৰ বাবে পাকিস্তানক তীব্ৰ গৰিহণা দিছে। নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ সচিব বিক্রম মিশ্রিয়ে কয়, যে এনে কৰাটো পাকিস্তানৰ পুৰণি অভ্যাস আৰু নতুন দিল্লী মহলে সময়ে সময়ে ইছলামীয় সহযোগিতা সংস্থাৰ মৈত্ৰী আৰু সহযোগী ৰাষ্ট্ৰসমূহৰ...

April 19, 2025 9:30 PM

views 43

আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশকসকলে শব্দৰ উচ্ছাৰণ, ভাষা আৰু ব্যাকৰণৰ শুদ্ধতাত গুৰুত্ব আৰোপ কৰি বাতৰি প্ৰস্তুত আৰু পৰিৱেশন কৰা প্ৰয়োজনঃ ড° নগেন শ‍ইকীয়া

আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশকসকলে শব্দৰ উচ্ছাৰণ, ভাষা আৰু ব্যাকৰণৰ শুদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাতৰি প্ৰস্তুত আৰু পৰিৱেশন কৰা প্ৰয়োজন বুলি বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শ‍ইকীয়াই মন্তব্য কৰিছে। শ্ৰোতা ৰাইজৰ মতামত আৰু অভিমতক লৈ আজি প্ৰচাৰিত বিশেষ দৃষ্টিপাত অনুষ...

April 19, 2025 9:27 PM

views 31

আই পি এল ক্রিকেট প্রতিযোগিতাত দেলহি কেপিটেলছক ৭ উইকেটত পৰাস্ত গুজৰাট টাইটানছৰ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত গুজৰাট টাইটানছে আজি দেলহি কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰে। গুজৰাট টাইটানছে ২০৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু দুটা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। গুজৰাটৰ হৈ যোশ বাটলাৰে ৫৪ টা বলত ৯৭ ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে দেল...