December 14, 2025 12:21 PM

views 43

পশ্চিমবংগৰ যুৱ ভাৰতীয় ক্রীড়াংগনত আয়োজিত অনুষ্ঠানৰ আয়োজকসকলৰ লগতে সহযোগীসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ ৰাজ্যপালৰ নিৰ্দেশ

পশ্চিমবংগৰ চটীলেকৰ যুৱ ভাৰতী ক্রীড়াংগনত কালি আয়োজিত লিঅ'নেল মেছিৰ কাৰ্যসূচীত সংঘটিত বিশৃংখল পৰিস্থিতিৰ পাছত অনুষ্ঠানটোৰ আয়োজক শতদ্রু দত্তক আৰক্ষীয়ে দুঘণ্টা ধৰি সোধাপোছা কৰাৰ পাছত গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে ৰাজ্যপাল ড° চি বি আনন্দ বসুৱে পশ্চিমবংগ চৰকাৰক যুৱ ভাৰতীয় ক্রীড়াংগনত আয়োজিত অনুষ্ঠানৰ ...

December 14, 2025 12:16 PM

views 44

কংগ্ৰেছ নেতা তথা প্রাক্তন গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ শেষকৃত্য মহাৰাষ্ট্ৰৰ লাটুৰত ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন

বিশিষ্ট কংগ্ৰেছ নেতা তথা প্রাক্তন গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ শেষকৃত্য কালি তেওঁৰ গৃহজিলা মহাৰাষ্ট্ৰৰ লাটুৰত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন কৰা হয়। শেষকৃত্যানুষ্ঠানত লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে, কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় সেঠ, মহাৰাষ্ট্ৰৰ প্ৰাক্ত...

December 14, 2025 12:12 PM

views 76

এইমছে ষ্ট্ৰোকৰ উন্নত চিকিৎসাৰ বাবে Supernova Stent নামৰ এটা নতুন আহিলাৰ জৰিয়তে প্ৰথমটো পৰীক্ষামূলক চিকিৎসা সম্পন্ন কৰিছে

নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান- এইমছে ষ্ট্ৰোকৰ উন্নত চিকিৎসাৰ বাবে Supernova Stent নামৰ এটা নতুন আহিলাৰ জৰিয়তে প্ৰথমটো পৰীক্ষামূলক চিকিৎসা সম্পন্ন কৰিছে। চিকিৎসা প্রতিষ্ঠানখনে প্রকাশ কৰা অনুসৰি এই ৰোগত ভাৰতৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই আহিলাবিধ প্ৰস্তুত কৰা হৈছে। পশ্চিমীয় দেশসম...

December 14, 2025 12:08 PM

views 110

যোৱা বছৰৰ তুলনাত বিক্ৰীৰ ক্ষেত্ৰত ষ্টীল অথৰিটী অব্ ইণ্ডিয়াৰ ২৭ শতাংশ বৃদ্ধি লাভ

ষ্টীল অথৰিটী অব্ ইণ্ডিয়াই বিগত মাহত যোৱা বছৰৰ তুলনাত বিক্ৰীৰ ক্ষেত্ৰত ২৭ শতাংশ বৃদ্ধি লাভ কৰিছে। তীখা মন্ত্ৰ্যালয়ে এটা বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰি কয়, যে বিগত বছৰৰ এই সময়ছোৱাত ০.৮৪ মিলিয়ন টনৰ তুলনাত যোৱামাহত খুচুৰা বিক্ৰী ৬৯ শতাংশ বাঢ়ি  ০. ১৪ মিলিয়ন টন হয়। ইয়াৰ লগতে চলিত বছৰৰ এপ্ৰিলৰ পৰা ন...

December 14, 2025 12:03 PM

views 41

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰত এখন উন্নত ৰাষ্ট্ৰৰ দিশে দ্রুতগতিত ধাৱমান হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী জগত প্রকাশ নাড্ডা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰত এখন উন্নত ৰাষ্ট্ৰৰ দিশে দ্রুতগতিত ধাৱমান হৈছে। বিজেপিৰ সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্রকাশ নাড্ডাই কালি ছিমলাত এই কথা প্ৰকাশ কৰে। হিমাচল প্ৰদেশৰ ছিমলাত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰ...

December 14, 2025 11:50 AM

views 36

কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালৰ চতুর্দশ ডিব্ৰুগড় গ্রন্থমেলাত অংশগ্ৰহণ

কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰত অনুষ্ঠিত হৈ থকা চতুর্দশ ডিব্ৰুগড় গ্রন্থমেলাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত হৈ নৱপ্ৰজন্মক গ্রন্থ অধ্যয়নৰ বাবে আহ্বান জনায়। তেওঁ কয়, যে গ্রন্থ অধ্যয়নৰ অভ্যাসেহে এখন সমাজ শক্তিশালী কৰিব...

December 14, 2025 11:44 AM

views 57

নগাঁও জিলা প্রশাসনৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত উচ্ছেদ অভিযান

নগাঁও জিলা প্রশাসনে পৰহিলৈ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱত উচ্ছেদ চলাব। চালনাবাৰী গাঁৱৰ ভেৰভেৰি বিলৰ পৰা মাণ্ডৰমাৰী বিললৈকে এই উচ্ছেদ চলিব। ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই কালি উচ্ছেদ চলাবলগীয়া স্থানসমূহ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে একাংশ মীনপালকে টুকটুকি, আহোমগাঁও, কটণ্ডৰি, ৰৌমাৰী বিল, মৈৰাধবজ গা...

December 14, 2025 11:39 AM

views 88

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত পথ দুর্ঘটনাত নিহত লোকসকলৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত শোকাৱহ পথ দুর্ঘটনাত নিহত লোকসকলৰ মৃতদেহসমূহ কালি ৰাজ্য চৰকাৰে পৰিয়ালৰ লোকক অর্পণ কৰাৰ লগতে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰে। দুর্ঘটনাত মৃত্যু হোৱা ৬ গৰাকী লোকৰ মৃতদেহ পৰিয়ালৰ লোকক অর্পণ কৰি মন্ত্ৰী বিমল বৰাই শ্রদ্ধাঞ্জলি জ্ঞাপন করে। উল্লেখযোগ্য যে কালি দিনটোৰ উদ্ধাৰ অ...

December 14, 2025 11:33 AM

views 60

নাগৰিকত্ব সংশোধনী আইনৰ অধীনত এতিয়ালৈ বৰাকৰ দুগৰাকী ব্যক্তিৰ ভাৰতীয় নাগৰিকত্ব লাভ

নাগৰিকত্ব সংশোধনী আইন, CAA-ৰ অধীনত এতিয়ালৈ বৰাকৰ দুগৰাকী ব্যক্তিয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। শ্রীভূমি জিলাত বাস কৰা বাংলাদেশৰ চট্টগ্ৰামৰ ৪০ বছৰীয়া এগৰাকী মহিলাক CAA-ৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্রদান কৰা হৈছে। নাগৰিকত্ব লাভ কৰা মহিলাগৰাকীয়ে ২০০৭ চনত চিকিৎসাৰ বাবে আহি শ্রীভূমিৰ এজন ব্যক্তিৰ সৈতে বিবাহ...

December 14, 2025 11:28 AM

views 68

পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পর্ক থকাৰ অভিযোগত ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ

পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে সম্পর্ক থকাৰ অভিযোগত তেজপুৰ আৰক্ষীয়ে কালি ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰে। ধৃত কুলেন্দ্ৰ শৰ্মাই দেশৰ প্ৰতিৰক্ষা বিভাগৰ অতি স্পর্শকাতৰ নথিপত্র আৰু তথ্য সামাজিক মাধ্যমৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱাক প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। আ...