নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান- এইমছে ষ্ট্ৰোকৰ উন্নত চিকিৎসাৰ বাবে Supernova Stent নামৰ এটা নতুন আহিলাৰ জৰিয়তে প্ৰথমটো পৰীক্ষামূলক চিকিৎসা সম্পন্ন কৰিছে। চিকিৎসা প্রতিষ্ঠানখনে প্রকাশ কৰা অনুসৰি এই ৰোগত ভাৰতৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই আহিলাবিধ প্ৰস্তুত কৰা হৈছে। পশ্চিমীয় দেশসমূহৰ তুলনাত শেহতীয়াকৈ ভাৰতত কম বয়সতেই বহুতো লোক ষ্ট্ৰোকত হৈ আছে বুলিও প্রতিষ্ঠানখনে লগতে প্ৰকাশ কৰিছে।
এইমছে লগতে এই বুলিও প্ৰকাশ কৰিছে যে এই আহিলা বিধৰ সহায়ত দক্ষিণ-পূৱ এছিয়াত এতিয়ালৈকে ৩০০ৰো অধিক ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছে। আহিলা বিধৰ সফল পৰীক্ষণৰ পিছত, প্ৰতিষ্ঠানখনে কৈছে যে, Supernova Stent নামৰ এই আহিলাবিধ এতিয়া দেশতেই প্ৰস্তুত কৰা হব আৰু ইয়াৰ দ্বাৰা প্ৰতিবছৰে ষ্ট্ৰোকত আক্রান্ত ১৭ লাখৰো অধিক লোক উপকৃত হ’ব।
Assamese | December 14, 2025 12:12 PM | AIIMS
এইমছে ষ্ট্ৰোকৰ উন্নত চিকিৎসাৰ বাবে Supernova Stent নামৰ এটা নতুন আহিলাৰ জৰিয়তে প্ৰথমটো পৰীক্ষামূলক চিকিৎসা সম্পন্ন কৰিছে