December 19, 2025 6:45 PM

views 25

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আদৰাৰ বাবে ৰাজ্য চৰকাৰৰ যাৱতীয় প্রস্তুতি সম্পূর্ণ

দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমলৈ আহিবলগীয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আদৰাৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি অন্যান্য মন্ত্রীসকলে প্রধানমন্ত্রীয়ে অংশগ্রহণ কৰিবলগীয়া কাৰ্যসূচীসমূহৰ বাবে প্রয়োজনীয় ব্যবস্থা গঢ়ি তুলিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কা...

December 19, 2025 12:53 PM

views 50

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে শুকাই যোৱাৰ পৰিপ্ৰেক্ষিতত মাজুলীৰ কমলাবাৰী ঘাটেৰে চৰকাৰী জাহাজৰ চলাচল বন্ধ

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে শুকাই যোৱাৰ পৰিপ্ৰেক্ষিতত মাজুলীৰ কমলাবাৰী ঘাটেৰে চৰকাৰী জাহাজৰ চলাচল বন্ধ কৰি দিয়া হৈছে। জলস্তৰ হ্ৰাস হোৱাৰ ফলত কেৱল ব্যক্তিগত ফেৰীসমূহেৰে পথ সলাই মূল কমলাবাৰী ফেৰী ঘাটলৈ এটা ইঞ্জিনযুক্ত ফেৰীৰ চলাচল হৈ আছিল যদিও যোৱা ৬ ডিচেম্বৰৰ পৰা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ক...

December 19, 2025 12:52 PM

views 40

বাংলাদেশৰ ঢাকাৰ ভাৰতীয় ভিজা আবেদন কেন্দ্র পুনৰ মুকলি

বাংলাদেশৰ ঢাকাৰ ভাৰতীয় ভিজা আবেদন কেন্দ্র (আই ভি এ চি) অস্থায়ীভাৱে বন্ধ হৈ থকাৰ পাছত পুনৰ মুকলি কৰা হৈছে। বাংলাদেশৰ বিভিন্ন প্ৰান্তত ভাৰত বিৰোধী প্ৰদৰ্শনৰ পৰিপ্ৰেক্ষিতত খুলনা আৰু ৰাজশ্বাহীত থকা ভিজা আবেদন কেন্দ্র বন্ধ কৰি থোৱা হৈছিল। অৱশ্যে কেন্দ্ৰৰ ৱেবছাইটত প্ৰকাশ কৰা অনুসৰি সদ্যহতে স্বাভাৱিক সময...

December 19, 2025 12:50 PM

views 30

আকাশবাণী গুৱাহাটীৰ আজি বিয়লি ৩.০৫ বজাৰ বিশেষ প্রাসংগিক অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ খণ্ড উন্নয়ন বিষয়া জোনালী নাথৰ সাক্ষাৎকাৰ প্ৰচাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত কাৰ্বি আংলং জিলাৰ চামেলাংচ’ উন্নয়ন খণ্ডত ৰূপায়িত আঁচনি সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়া জোনালী নাথৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ কাৰ্বি আংলং জিলাৰ সংব...

December 19, 2025 12:35 PM

views 47

ঝাৰখণ্ডৰ প্ৰথমবাৰৰ বাবে ছৈয়দ মুস্তাক আলী ট্ৰফী প্রতিযোগিতাৰ খিতাপ দখল

ছৈযদ মুস্তাক আলী ট্ৰফী ক্রিকেট প্রতিযোগিতাত কালি নিশা পুনেত অনুষ্ঠিত ফাইনেলত ঝাৰখণ্ডে হাৰিয়ানাক ৬৯ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ছৈয়দ মুস্তাক আলী ট্ৰফী প্রতিযোগিতাৰ খিতাপ দখল কৰে। খেলখনত প্ৰথমে বেট ধৰি ঝাৰখণ্ডে ২০ অভাৰত ৩টা উইকেটৰ বিনিময়ত ২৬২ ৰান সংগ্ৰহ কৰে। দলটোৰ অধিনায়ক ঈশান কিশানে ৪৯টা বলত ১...

December 19, 2025 12:34 PM

views 40

প্রধানমন্ত্ৰী মোদীৰ ইথিঅ’পিয়া ভ্রমণে দুয়োখন দেশৰ মাজত সহযোগিতাৰ নতুন অধ্যায়ৰ আৰম্ভণি কৰিলে বুলি ইথিঅ’পিয়া চৰকাৰৰ মত প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জর্ডান, ইথিঅ'পিয়া আৰু ওমান ভ্রমণ কৰাৰ পাছতেই ইথিঅ’পিয়া চৰকাৰে প্রধানমন্ত্ৰী মোদীৰ এই ভ্রমণে দেশ দুখনৰ মাজত সহযোগিতাৰ নতুন অধ্যায়ৰ আৰম্ভণি কৰিলে বুলি মত প্ৰকাশ কৰিছে। আকাশবাণীৰ সংবাদদাতাক ইথিঅ'পিয়াৰ মহিলা আৰু সামাজিক কল্যাণ মন্ত্রী ডাঃ ইৰেগোগি টেছেফায়ে কয়, যে প্রধ...

December 19, 2025 12:33 PM

views 45

SHANTI বিধেয়ক সংসদত গৃহীত হোৱাৰ পাছত বিধেয়কখনক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'দীর্ঘস্থায়ী প্রয়োগ আৰু ভাৰতৰ ৰূপান্তৰৰ বাবে পাৰমাণৱিক শক্তিৰ বিকাশ' সম্পর্কীয় SHANTI বিধেয়ক সংসদত গৃহীত হোৱাৰ পাছতেই বিধেয়কখনক আদৰণি জনাইছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত প্রধানমন্ত্ৰীয়ে বিধেয়কখন গৃহীত হোৱাৰ পাছতেই ভাৰতৰ প্ৰযুক্তিগত ক্ষেত্ৰৰ বাবে এয়া এটা ঐত...

December 19, 2025 12:32 PM

views 41

কৃত্রিম বুদ্ধিমত্তাত শিক্ষাখণ্ডই প্ৰত্যাহ্বান সমাধান কৰাৰ সামৰ্থ নিহিত হৈ আছেঃ কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধান

কৃত্রিম বুদ্ধিমত্তাৰ মাজত শিক্ষাখণ্ডই প্ৰত্যাহ্বান সমাধান কৰাৰ সামৰ্থ নিহিত হৈ আছে বুলি কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে মন্তব্য কৰিছে। নতুন দিল্লীত কালি শিক্ষা আৰু শিকন প্ৰক্ৰিয়াত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ সম্পৰ্কীয় উপদেষ্টা কমিটীৰ তৃতীয়লানি বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে এইদৰ...

December 19, 2025 12:31 PM

views 51

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওমান, ইথিঅ’পিয়া আৰু জৰ্দান ভ্রমণ সফলতাৰে সম্পন্ন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওমান, ইথিঅ'পিয়া আৰু জৰ্দানৰ ত্ৰিদেশীয় ভ্রমণ সফলতাৰে সম্পন্ন কৰিছে। ওমান ভ্রমণ কালত দুয়োখন দেশে প্রধানমন্ত্ৰী মোদী আৰু ওমানৰ চুলতান হিছাম বিন তাৰিকৰ উপস্থিতিত সৰ্বাত্মক অর্থনৈতিক সহযোগিতা চুক্তিত স্বাক্ষৰ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অর্জন কৰে...

December 19, 2025 12:30 PM

views 42

নতুন দিল্লীত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসাবিষয়ক দ্বিতীয় গোলকীয় শীৰ্ষ সন্মিলনৰ সামৰণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আয়োজিত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসা বিষয়ক দ্বিতীয় গোলকীয় শীৰ্ষ সন্মিলনৰ সামৰণী অনুষ্ঠানত ভাষণ দিব। অনুষ্ঠানত প্রধানমন্ত্ৰীয়ে আয়ুষ ক্ষেত্ৰৰ বাবে প্ৰধান ডিজিটেল পোৰ্টেল, মাই আয়ুষ সংহত সেৱা পোৰ্টেলসহ কেইবাটাও গুৰুত্বপূৰ্ণ উদ্যম মুকলি ক...