December 26, 2025 6:30 PM

views 70

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে ক্ষেপনাস্ত্ৰ আৰু গোলা উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে নতুন বোমা-বাৰুদ কাৰখানা পৰিকল্পনা মুকলি কৰিছে

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে ক্ষেপনাস্ত্ৰ আৰু গোলা উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে নতুন বোমা-বাৰুদ কাৰখানা পৰিকল্পনা মুকলি কৰিছে। যুদ্ধ প্ৰতিৰোধক শক্তিশালী কৰাৰ ক্ষেত্ৰত ইয়াৰ উৎপাদন বৃদ্ধিৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছে। কিমে ৮ হাজাৰ ৭০০ টন পাৰমাণৱিক চালিত কৌশলগত ক্ষেপনাস্ত্র ছাবমেৰিণ পৰিদৰ্শন কৰাৰ এদি...

December 26, 2025 6:25 PM

views 71

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত আজি দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে অংশগ্ৰহণ কৰিছে । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক ...

December 26, 2025 6:18 PM

views 85

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰেছ ক্লাবৰ প্ৰাংগনত প্ৰথমখন মহিলা সাংবাদিক সন্মিলন অনুষ্ঠিত

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আজি প্ৰেছ ক্লাবৰ প্ৰাংগনত প্ৰথমখন মহিলা সাংবাদিক সন্মিলন অনুষ্ঠিত হৈ যায়। বহুসংখ্যক মহিল সাংবাদিকৰ উপস্থিতিত প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ নৱ-নিৰ্বাচিত সভাপতি সংগীতা বৰুৱা পিছাৰৌটিয়ে এই সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী ভাষণ প্ৰদান কৰি সভাপতি পিছাৰৌটিয়ে কয়, ...

December 26, 2025 6:15 PM

views 54

৯ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বার্ষিক অধিবেশন

চিৰাং জিলাৰ বিজনীৰ বৰলাওঁ গাঁৱৰ বীৰাঙ্গনা ঠেংফাখ্ৰী পথাৰত সমাগত ২০২৬ চনৰ ৯ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বার্ষিক অধিবেশনখনি অনুষ্ঠিত হ'ব। বড়ো সাহিত্য সভাৰ সৈতে সংগতি ৰাখি হ'বলগীয়া অধিবেশনস্থলীত আজি বড়ো বীৰাঙ্গনা ঠেংফাখ্ৰীৰ এটা প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয়। বিটিচিৰ ...

December 26, 2025 6:10 PM

views 75

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সৃষ্টি হোৱা অপ্রীতিকৰ পৰিস্থিতি সন্দৰ্ভত অসম সাহিত্য সভাৰ উদ্বেগ প্রকাশ

অসম সাহিত্য সভাই পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সৃষ্টি হোৱা অপ্রীতিকৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্রকাশ কৰিছে। অসম সাহিত্য সভাৰ গুৱাহাটীত থকা ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে কয়, যে এই সংঘৰ্ষই ৰাজ্যৰ সামাজিক সম্প্ৰীতি আৰু ভাতত্ববোধত আঘাত হানিছে। সাহি...

December 26, 2025 6:08 PM

views 80

অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন

অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিন। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত পৰহিৰে পৰা অনুষ্ঠিত গ্রন্থমেলাত আজি ‘কবি, গীতিকাৰ কেশৱ মহন্তৰ গীত-কবিতাৰ মাধুৰ্য' শীর্ষক আলোচনাসত্র অনুষ্ঠিত হয়। বিশিষ্ট সংগীত শিল্পী ৰমেন চৌধ...

December 26, 2025 6:06 PM

views 86

বঙাইগাওঁ জিলা আয়ুক্ত হিচাপে কৰ্মৰত নৱদীপ পাঠকক ৰাজ্য চৰকাৰে সাম্প্ৰতিক প্ৰশাসনিক পুনৰবিন্যাসৰ অংশ হিচাপে ধুবুৰী জিলাৰ আয়ুক্ত হিচাপে নিযুক্তি

বঙাইগাওঁ জিলাৰ আয়ুক্ত হিচাপে কৰ্মৰত নৱদীপ পাঠকক ৰাজ্য চৰকাৰে সাম্প্ৰতিক প্ৰশাসনিক পুনৰবিন্যাসৰ অংশ হিচাপে ধুবুৰী জিলাৰ আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে জাৰি কৰা এখন অধিসূচনা অনুসৰি ধুবুৰী জিলাৰ বৰ্তমানৰ আয়ুক্ত দীবাকৰ নাথক বদলি কৰি বঙাইগাওঁ জিলাৰ আয়ুক্ত হিচাপে নিয...

December 26, 2025 6:04 PM

views 53

বিশ্বনাথৰ জিলা আয়ুক্তৰ জিলা চিকিৎসালয় পৰিদৰ্শন

বিশ্বনাথৰ জিলা আয়ুক্তই আজি জিলা চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ চিকিৎসা বিষয়া আৰু চিকিৎসা কর্মীসকলক লগ ধৰি বিভিন্ন বিষয়ৰ বুজ লয় আৰু লগতে বহিঃবিভাগ, আয়ুষ্মান কাৰ্য্যালয়, পুষ্টি পুনর্বাসন কেন্দ্ৰ, নৱজাতকৰ বিশেষ সুৰক্ষা কেন্দ্ৰ, অস্ত্ৰোপচাৰৰ কক্ষ, প্রসূতি কক্ষ, পৰীক্ষাগাৰ, এক্সৰে কক্ষ আদিৰ ...

December 26, 2025 5:59 PM

views 57

তামুলপুৰ জিলা প্ৰশাসন আৰু বাক্সা বন সংমণ্ডলৰ উদ্যোগত হাতী- মানুহৰ সংঘাত সন্দৰ্ভত এখন সজাগতামূলক সভা

তামুলপুৰ জিলাৰ চেঁচাপানীত আজি তামুলপুৰ জিলা প্ৰশাসন আৰু বাক্সা বন সংমণ্ডলৰ উদ্যোগত হাতী- মানুহৰ সংঘাত সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়। সভাখনত তামুলপুৰ জিলাৰ আয়ুক্ত, জিলাখনৰ বন বিভাগৰ বিষয়াৰ লগতে বহুকেইটা স্বেচ্ছাসেৱী সংস্থাৰ বিষয়-ববীয়াই হাতী-মানুহৰ সংঘাত দূৰীকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্...

December 26, 2025 5:55 PM

views 66

ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত চিত্রশিল্পী ৰাতুমণি দাসৰ প্ৰচেষ্টাত  ১১ সংখ্যক চিত্র প্রদর্শনী আজিৰে পৰা ২৮ ডিচেম্বৰলৈ অনুষ্ঠিত

ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত চিত্রশিল্পী ৰাতুমণি দাসৰ প্ৰচেষ্টাত ২০১৯ চনত তেজপুৰত আৰম্ভ হোৱা যাত্ৰাৰ ১১ সংখ্যক চিত্র প্রদর্শনী আজিৰে পৰা ২৮ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছে। এই প্রদর্শনীত অনুষ্ঠিত হ'বলগীয়া কেইবাখনো কর্মশালাত পদ্মভূষণ যতীন দাস, আন্তঃৰাষ্ট্ৰীয় শিল্পী অমিত দত্তকে ধৰি কেইবাজনো শিল্পী সমল ব্যক্ত...