December 31, 2025 1:27 PM

views 31

নতুন দিল্লীত নীটি আয়োগৰ বিশিষ্ট অর্থনীতিবিদ আৰু বিশেষজ্ঞসকলৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত নীটি আয়োগৰ বিশিষ্ট অর্থনীতিবিদ আৰু বিশেষজ্ঞসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকৰ বিষয়বস্তু আছিল- আত্মনিৰ্ভৰতা গাঁথনিগত পৰিৱৰ্তনঃ বিকশিত ভাৰতৰ ৰূপৰেখা। কাৰ্যসূচীত ভাষণ দি প্রধানমন্ত্রী শ্রীমোদীয়ে ২০৪৭ চনৰ দিশে ভাৰতৰ যাত্ৰাৰ মূল স্তম্ভসমূহৰ বিষয়ে ...

December 31, 2025 1:26 PM

views 29

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী খালেদা জিয়াৰ জানাজা কাৰ্যসূচীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে অংশগ্ৰহণ কৰিব

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ঢাকাত বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী তথা বি এন পিৰ মুখপাত্র খালেদা জিয়াৰ জানাজা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই জানাজাত ড০ জয়শংকৰে ভাৰত চৰকাৰ আৰু ভাৰতৰ জনসাধাৰণক প্রতিনিধিত্ব কৰিব।  বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী খালেদা জিয়াৰ কালি ঢাকাত দেহাৱসা...

December 31, 2025 1:25 PM

views 34

পি এম যুৱা তৃতীয় সংস্কৰণৰ অধীনৰ ফলাফল ঘোষণা

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ে যুৱ লেখকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে পি এম যুৱা তৃতীয় সংস্কৰণৰ অধীনৰ ফলাফলসমূহ ঘোষণা কৰিছে। ইয়াৰ অধীনত ২২টা ভাৰতীয় ভাষা আৰু ইংৰাজীৰ ৪৩ খন গ্ৰন্থ প্ৰস্তাৱনা বাছনি কৰা হৈছে। শিক্ষা মন্ত্ৰালয়ে কৈছে যে নির্বাচিত গ্ৰন্থ প্ৰস্তাৱনাসমূহ ছমাহৰ ভিতৰতেই বিশিষ্ট শিক্ষাবিদৰ তত...

December 31, 2025 1:23 PM

views 35

দিল্লী জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৬ত দিল্লী চৰকাৰৰ অনুমোদন

দিল্লী চৰকাৰে দিল্লী জন বিশ্বাস (সংশোধনী) বিধেয়ক, ২০২৬ত অনুমোদন জনাইছে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই জনাইছে যে দিল্লীৰ কেবিনেটে অনুমোদন জনোৱা বিধেয়কখনৰ লক্ষ্য অনুপালন প্রক্রিয়াক সৰল কৰাৰ লগতে সামান্য নীতি উলংঘাক অপৰাধমুক্ত তথা আদালতত গোচৰৰ সংখ্যা হ্ৰাস আৰু প্ৰশাসনিক দক্ষতা বৃদ্ধি কৰা । ২০২৬ ...

December 31, 2025 1:10 PM

views 38

কামৰূপ জিলাৰ বকোত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ বকোত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণ কৰে। বকোৰ গান্ধী ময়দান সমন্বয় ক্ষেত্ৰত আয়োজিত অনুষ্ঠানত বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ মহিলা আত্মসহায়ক গোটৰ ৩৩ হাজাৰ ৮৬১ গৰাকী সদস্যক ১০ হাজাৰ টকাকৈ চেক প্রদান কৰা হয় ।

December 31, 2025 1:03 PM

views 46

অসম গ্ৰন্থমেলাৰ আজি অষ্টম দিন; গ্রন্থযাত্ৰাৰ সুহৃদ সম্বোধন শীৰ্ষক বিশেষ অনুষ্ঠানৰ লগতে কবি সন্মিলনৰ আয়োজন

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থ মেলাৰ আজি অষ্টম দিনা দিনৰ ১ বজাত গ্রন্থযাত্ৰাৰ সুহৃদ সম্বোধন শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটো লেখক, গৱেষক তথা নৰ্থ লখিমপুৰ বিশ্ববিদ্...

December 31, 2025 1:01 PM

views 30

আকাশবাণী গুৱাহাটীত আজি বিয়লি ৩.০৫ বজাত বিশেষ প্রাসংগিক অনুষ্ঠানত নলবাৰী জিলাৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা নিকুঞ্জ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসংগিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত নলবাৰী জিলাৰ জলসম্পদ বিভাগত ৰূপায়িত আঁচনি সন্দৰ্ভত জিলাখনৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা নিকুঞ্জ শৰ্মাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ নলবাৰী জিলা...

December 31, 2025 1:00 PM

views 52

মণিপুৰৰ চূড়াচান্দপুৰৰ তেইজাঙৰ টিউৰেল নৈত এম্বুলেঞ্চ বাগৰি চালকসহ তিনিজন লোক নিহত

মণিপুৰৰ চূড়াচান্দপুৰৰ তেইজাঙৰ টিউৰেল নৈত আজি এখন এম্বুলেঞ্চ পথৰ পৰা বাগৰি পৰাত চালকসহ তিনিজন লোকে প্ৰাণ হেৰুৱায়। দুৰ্ঘটনাৰ পাছত স্থানীয় লোকে নৈৰ পৰা এম্বুলেঞ্চসহ দুটা মৃতদেহ উদ্ধাৰ কৰে। বৰ্তমানলৈকে এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা নাই ।

December 31, 2025 12:59 PM

views 24

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত এন ই কনভাৰ্ছেছন অর্গেনাইজেচনৰ উদ্যোগত ‘নেতৃত্ব যুৱ সংসদ’

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত কালি এন ই কনভাৰ্ছেছন অর্গেনাইজেচনৰ উদ্যোগত নেতৃত্ব যুৱ সংসদ অনুষ্ঠিত হয়। বিভিন্ন মহাবিদ্যালয়ৰ অৰ্ধশতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৰূপায়ণ আৰু জনজাতিকৰণ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলে দুয়োটা বিষ...

December 31, 2025 12:58 PM

views 30

তামুলপুৰৰ খৈৰানিত বনৰীয়া হাতীৰ আক্ৰমণত দুজন লোক নিহত

তামুলপুৰ জিলাৰ খৈৰানিত কালি নিশা বনৰীয়া হাতীৰ আক্ৰমণত দুজন লোক নিহত হয়। বনৰীয়া হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰি থকা অঞ্চলটোত হাতীৰ জাক খেদি নি থকাৰ সময়তে এই শোকাৱহ ঘটনা সংঘটিত হয়। মৃত্যু হোৱা লোক দুজন কুমাৰীকাটা বনাঞ্চলিক কার্যালয়ৰ বনকৰ্মী সঞ্জু ইছলাৰী আৰু নগাঁৱৰ তপন তিমচিনা বুলি চিনাক্ত কৰা হৈছে।