November 15, 2025 12:27 PM

views 51

গেংটকৰ পাংথাঙত ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা

পৰ্যটন মন্ত্ৰালয়ে ছিকিম চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত গেংটকৰ পাংথাঙত ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা অনুষ্ঠিত কৰিছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কালি অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু, অৰুণাচলৰ পৰ্যটন মন্ত্ৰী পাচং দৰ্জে চোনা, অসমৰ পৰ্যটন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাস, ছিকিমৰ পৰ্যটন মন্ত্ৰী ছেৰিং ঠেন...

November 15, 2025 12:26 PM

views 77

স্বাধীনতা সংগ্রামী তথা জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন

সমগ্র দেশে আজি স্বাধীনতা সংগ্রামী তথা জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰিছে৷ জনজাতীয় ইতিহাসক জীৱন্ত কৰি ৰখাৰ গুৰুত্ব উপলব্ধিৰ অৰ্থে চৰকাৰে ২০২১ চনৰ পৰা ১৫ নৱেম্বৰৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰি আহিছে। সময়ৰ লগে লগে এয়া জনজাতীয় গৌৰৱ সপ্তাহলৈ পৰিৱ...

November 15, 2025 12:25 PM

views 27

মঙলদৈৰ বৰপুখুৰীপাৰৰ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত ‘অৰণ্যৰ দিন’ কাৰ্যসূচীৰ আয়োজন

মঙলদৈৰ সামাজিক, সাংস্কৃতিক অনুষ্ঠান জীপচি গিল্ডৰ উদ্যোগত কাইলৈ চহৰখনৰ বৰপুখুৰীপাৰৰ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত ‘অৰণ্যৰ দিন’ নামৰ এটা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে, মঙলদৈৰ আন এটা অগ্রনী সংগঠন ইউনাইটেড ক্লাবৰ প্রযোজনাত ক্রাউড ফাণ্ডিঙৰ জৰিয়তে ১৯৭১ চনত অৰণ্য নামৰ ছবিখন নিৰ্মাণ কৰা হৈছিল।...

November 15, 2025 12:23 PM

views 54

ভাস্কর্য শিল্পী নুৰুদ্দিন আহমেদলৈ ২০২৫ বৰ্ষৰ গুৰুজী আদ্য শৰ্মা বঁটা

সংগীত নাটক একাডেমী বঁটাপ্ৰাপক ভাস্কর্য তথা চাৰুকলা শিল্পী নুৰুদ্দিন আহমেদলৈ ২০২৫ বৰ্ষৰ গুৰুজী আদ্য শৰ্মা বঁটা আগবঢ়োৱা হৈছে। বৃন্দাবন থিয়েটাৰৰ উদ্যোগত তথা শ্রী শ্রী হৰিমন্দিৰৰ সহযোগত প্ৰতিবছৰে এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত নগদ ধন, অংগ বস্ত্ৰ, ফুলাম গামোচা, স্মাৰক, প্ৰশস্তি পত্ৰ আৰু কিতাপৰ টোপোলা...

November 15, 2025 12:21 PM

views 46

অসমত ৩,২০০ মেগাৱাটৰ ক্রিটিকেল পাৱাৰ প্লেণ্ট স্থাপনৰ বাবে ৪৮ হাজাৰ কোটি টকা বিনিয়োগ কৰিব আদানী পাৱাৰ লিমিটেডে

আদানী পাৱাৰ লিমিটেডে অসমত ৩,২০০ মেগাৱাটৰ ক্রিটিকেল পাৱাৰ প্লেণ্ট স্থাপনৰ বাবে ৪৮ হাজাৰ কোটি টকা বিনিয়োগ কৰিব। সেইদৰে আদানী গ্রীণ এনার্জিয়ে অসমত মুঠ দুহেজাৰ ৭০০ মেগাৱাটৰ দুটা পাম্পড ষ্টোৰেজ প্লাণ্ট স্থাপনৰ বাবে ১৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিব। আদানী গ্ৰুপৰ কৰ্পোৰেট কমিউনিকেচনৰ বিষয়া মিটুল থাক্কাৰে...

November 15, 2025 12:19 PM

views 85

বিহাৰ বিধানসভা নিৰ্বাচনত ২০২খন আসন লাভ কৰি পুনৰবাৰ শাসনলৈ এনডিএ মৰ্চা

বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনলৈ আহিছে। এন ডি এই মুঠ ২৪৩ খন আসনৰ ভিতৰত ২০২ খনতে জয়লাভ কৰিছে। আটাইকইটা সমষ্টিৰ ফলাফল যোৱা নিশা ঘোষণা কৰা হয়। ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে যিকোনো এটা দল বা মিত্রজোঁটক ১২২ খন আসনৰ প্ৰয়োজন আছিল ৷ বিজেপিয়ে অকলে ৮৯ খন...

November 15, 2025 12:18 PM

views 50

কামৰূপ মহানগৰ জিলাৰ গড়লত নতুনকৈ নিৰ্মাণ কৰা ৰামচাৰাণী খণ্ড উন্নয়ন বিষয়াৰ নতুন কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

প্রশাসন ব্যৱস্থাক ৰাইজৰ অধিক কাষ চপাই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ অবিৰত প্ৰচেষ্টাৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ মহানগৰ জিলাৰ গড়লত নতুনকৈ নিৰ্মাণ কৰা ৰামচাৰাণী খণ্ড উন্নয়ন বিষয়াৰ নতুন কাৰ্যালয়ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। স্থানীয় ৰাইজৰ সুবিধার্থে চৰকাৰে যোৱা বছৰৰ ...

November 15, 2025 12:15 PM

views 56

বিহাৰ বিধানসভা নিৰ্বাচনত জয়লাভ বিকাশৰ ৰাজনীতিৰ বাবে এক জনাদেশঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ বিধানসভা নিৰ্বাচনত জয়লাভ বিকাশৰ ৰাজনীতিৰ বাবে এক জনাদেশ বুলি উল্লেখ কৰিছে। তেওঁ কয়, যে এই নির্বাচনে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক অস্বীকাৰ কৰিছে। নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি সন্ধিয়া দলৰ কৰ্মকৰ্তাসকলক উদ্দেশ্যি দিয়া ভাষণত শ্র...

November 14, 2025 10:02 PM

views 47

বাংলাদেশৰ ঢাকাত চলি থকা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতৰ তিনিটা সোণৰ পদক লাভ

বাংলাদেশৰ ঢাকাত চলি থকা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ ২০২৫ প্রতিযোগিতাত আজি ভাৰতে তিনিটা সোণৰ পদক লাভ কৰি এছিয়ান আৰ্চাৰীত উদীয়মান শক্তি কেন্দ্ৰ হিচাপে নিজৰ স্থিতি অধিক সুদৃঢ় কৰিছে। ভাৰতে আজি প্ৰতিযোগিতাৰ ৰেকৰ্ভ শাখাত দুটা ব্যক্তিগত সোণৰ পদক লাভ কৰাৰ লগতে দলীয় শাখাত এটা সোণৰ পদক লাভ কৰিছে। দেশৰ ...

November 14, 2025 9:55 PM

views 46

আকাশবাণী গুৱাহাটীৰ শনিবাৰৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত মানসিক চাপ নিয়ন্ত্ৰণৰ নিদান দিব মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে

ৰাজ্যত বিধানসভা নির্বাচনলৈ কেইমাহমানহে বাকী। বিদ্যালয়-মহাবিদ্যালয়সমূহৰো চূড়ান্ত পৰীক্ষা সমাগত। বর্তমান বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰো বতৰ। এই সময়ছোৱাত ৰাজনীতিক, পৰীক্ষাৰ্থী, অভিভাৱকে ধৰি বিভিন্ন শ্ৰেণীৰ লোকৰ মানসিক চাপ বৃদ্ধি পায়। এই মানসিক চাপ কেনেদৰে নিয়ন্ত্ৰণত ৰাখিব পৰি, সেই বিষয়ে কাইলৈ...