সংগীত নাটক একাডেমী বঁটাপ্ৰাপক ভাস্কর্য তথা চাৰুকলা শিল্পী নুৰুদ্দিন আহমেদলৈ ২০২৫ বৰ্ষৰ গুৰুজী আদ্য শৰ্মা বঁটা আগবঢ়োৱা হৈছে। বৃন্দাবন থিয়েটাৰৰ উদ্যোগত তথা শ্রী শ্রী হৰিমন্দিৰৰ সহযোগত প্ৰতিবছৰে এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত নগদ ধন, অংগ বস্ত্ৰ, ফুলাম গামোচা, স্মাৰক, প্ৰশস্তি পত্ৰ আৰু কিতাপৰ টোপোলা আছে। কাইলৈ নলবাৰীৰ ৰাস মহোৎসৱৰ মূল মঞ্চত বিশিষ্ট শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব। অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকিব।
Assamese | November 15, 2025 12:23 PM | nuruddin ahmed award
ভাস্কর্য শিল্পী নুৰুদ্দিন আহমেদলৈ ২০২৫ বৰ্ষৰ গুৰুজী আদ্য শৰ্মা বঁটা