December 28, 2025 10:31 AM

views 70

ভূমিৰ অধিকাৰ সুদৃঢ় কৰা আৰু প্ৰশাসনীয় সংস্কাৰৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্যত ভূমিৰ অধিকাৰ সুদৃঢ় কৰা, প্ৰশাসনীয় সংস্কাৰৰ প্ৰক্ৰিয়া আগুৱাই নিয়া আৰু আন্তঃগাঁথনিৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৰাজ্যিক মন্ত্রীসভাই কালি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, যে মন্ত্রীসভাই মুম্বাইৰ অসম ভৱনত কৰ্মৰত ৮ জন কৰ্মচাৰীক নিৰ্দিষ...

December 28, 2025 10:24 AM

views 32

মুখ্যসচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ যোগেৰে গাঁথনিগত দিশ আৰু আলোচনাৰ মাধ্যমেৰে ৰাষ্ট্ৰৰ উন্নয়নত অগ্ৰাধিকাৰ দি কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্য লোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত মুখ্যসচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰিব। শ্রীমোদীয়ে কালি এই সন্মিলনৰ এখন বৈঠকত অধ্যক্ষতা কৰিছিল। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে সন্মিলনৰ সময়ছোৱাত তেওঁ প্ৰশাসন আৰু সংস্কাৰ বিষয়ক কেইবাখনো অন্তদৃষ্টি সম্পন্ন আলোচনাত অংশ...

December 28, 2025 10:19 AM

views 73

ম্যানমাৰত আজি সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্রহণ

ম্যানমাৰত আজি সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্রহণ অনুষ্ঠিত হ'ব। তিনিটা পৰ্যায়ত হ'বলগীয়া এই নিৰ্বাচনত দ্বিতীয় পৰ্যায়ৰ বাবে ১১ জানুৱাৰীত, আৰু তৃতীয় পৰ্যায়ৰ বাবে ২৫ জানুৱাৰী ভোট গ্রহণ কৰা হ'ব। দেশখনত সামৰিক অভ্যূত্থানৰ বাবে নবেল বঁটা প্ৰাপক আং-চাং-ছ্যু কি চৰকাৰৰ পতনৰ পাঁচ বছৰ পাছত সাধাৰণ নি...

December 28, 2025 10:16 AM

views 47

কংগ্ৰেছে একমাত্র নির্বাচনী লাভালাভৰ বাবে এম জি এনৰেগাত মহাত্মা গান্ধীৰ নাম অন্তৰ্ভুক্ত কৰিছিল বুলি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অভিযোগ

কংগ্ৰেছে একমাত্র নির্বাচনী লাভালাভৰ বাবে ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিতকৰণ আইনত মহাত্মা গান্ধীৰ নাম অন্তৰ্ভুক্ত কৰিছিল বুলি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে অভিযোগ উত্থাপন কৰিছে। ভূপালত কালি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত শ্রীচৌহানে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়...

December 28, 2025 10:10 AM

views 62

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। ভ্ৰমণকালত শ্ৰীশ্বাহে গুৱাহাটী আৰু বটদ্ৰবাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্রকল্প উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্...

December 28, 2025 10:06 AM

views 95

দিনৰ ১১ বজাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২৯ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেৱছাইট airnews আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ প...

December 27, 2025 9:00 PM

views 52

সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবার্ষিক শিশু সমাৰোহ আৰু মহাজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিন

সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবার্ষিক শিশু সমাৰোহ আৰু মহাজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিন। গোলাঘাট জিলাৰ মৰঙিৰ পোৰাবাংলাৰ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই সমাৰোহত ২২ খন জিলাৰ প্ৰায় ৫ হাজাৰ শিশুৱে অংশগ্ৰহণ কৰিছে। আজি পুৱা ৭৫ খন পতাকা উত্তোলন, কুচকাৱাজ আদি কাৰ্যসূচী অনুষ্ঠিত ...

December 27, 2025 8:56 PM

views 142

অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী

আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত থকা জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী লোৱা হয়। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত শিৱসাগৰত সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। এই উপলক্ষে আজি শিৱসাগৰত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় জিলাতো আজি অসম সাহিত্য সভা...

December 27, 2025 8:50 PM

views 61

শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আজি সামৰণি

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আজি সামৰণি পৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি দলীয় কর্মীসকলক উদ্দেশ্যি দিয়া ভাষণত কংগ্ৰেছ দলৰ দুৰ্বলতা আৰু তোষামোদৰ ৰাজনীতিক তীব্র সমালোচনা কৰে। বিজেপি নেতৃত্বাধীন...

December 27, 2025 8:40 PM

views 117

ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ খচৰা তালিকা প্ৰকাশ

ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ খচৰা তালিকা আজি প্ৰকাশ কৰা হয়। এই তালিকা সন্দৰ্ভত ৰাইজে অহা ২২ জানুৱাৰী পৰ্যন্ত ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। ওজৰ-আপত্তি নিষ্পত্তিৰ বাবে ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত বিশেষ শিবিৰ অনুষ্ঠিত হ'ব। ২ ফেব্ৰুৱাৰীৰ ভিতৰত এই ওজৰ-আপত্তিসমূহ নিষ্পত্তি কৰি ১০ ফেব্ৰুৱাৰীত চূড়ান্ত...