January 25, 2025 12:40 PM

views 16

আকাশবাণী গুৱাহাটীত নিশা ৯.৩০ বজাত গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ

গণৰাজ্য দিৱসৰ পূৰ্বে আজি সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতিয়ে হিন্দীত দিয়া এই ভাষণৰ পাছতে ইয়াৰ ইংৰাজী ভাষান্তৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ এই ভাষণ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ ভ...

January 25, 2025 12:39 PM

views 33

গুৱাহাটীৰ লতাশিল-পাণবজাৰৰ বিভিন্ন পথেৰে অসম আৰক্ষীৰ প্ৰাক্‌-গণৰাজ্য দিৱসৰ বিশেষ কুচকাৱাজ

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীয়ে গুৱাহাটীৰ লতাশিল আৰু পাণবজাৰ অঞ্চলৰ বিভিন্ন পথেৰে আজি বিয়লি প্ৰাক্‌-গণৰাজ্য দিৱসৰ বিশেষ কুচকাৱাজৰ আয়োজন কৰিছে। কুচকাৱাজৰ এই সময়ছোৱাত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু সালসলনি ঘটোৱা হৈছে। সেই অনুসৰি লতাশিল খেলপথাৰৰ পৰা কুচকাৱাজ আৰম্ভ হোৱাৰ পাছত এম জি পথেৰে ভৰলুমু...

January 25, 2025 12:37 PM

views 36

আকাশবাণীত আজি নিশা ১০ বজাত ‘সর্বভাষা কবি সন্মিলন’

গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া প্ৰতিবছৰৰ দৰে এইবাৰো আকাশবাণীৰ অতি চৰ্চিত অনুষ্ঠান, সর্বভাষা কবি সন্মিলন প্ৰচাৰ কৰা হ’ব। আজি নিশা ১০ বজাত আকাশবাণীৰ সকলো নেটৱৰ্কৰ জৰিয়তে এই সৰ্বভাষা কবি সন্মিলন প্ৰচাৰ কৰা হ'ব। এই কবি সন্মিলনত দেশৰ প্ৰায় ৪০০ গৰাকী কবিয়ে একেখন মঞ্চতে কবিতা পাঠ কৰিব। ১৯৫৬ চনত আৰম্ভ হোৱা...

January 25, 2025 12:36 PM

views 45

দেশত আজি পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন

সমগ্ৰ দেশতে আজি পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন কৰা হৈছে। এই বছৰৰ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ মূলমন্ত্ৰ হৈছে ভোটদানৰ দৰে একোৱেই নহয়, মই নিশ্চিতভাৱে ভোটদান কৰিম। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ মূল কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত ...

January 25, 2025 12:35 PM

views 47

টাই আহোম জনগোষ্ঠীৰ ঐতিহ্যৰ বিষয়ে সজাগতা সৃষ্টিত নৱ-প্ৰজন্মই বিশেষ ভূমিকা পালন কৰিব পাৰেঃ সৰ্বানন্দ সোণোৱাল

টাই-আহোম জনগোষ্ঠীৰ ঐতিহ্যৰ বিষয়ে দেশৰ বিভিন্ন প্ৰান্তত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত নৱ-প্ৰজন্মই বিশেষ ভূমিকা পালন কৰিব পাৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ৰ টেঙাখাতত আয়োজিত তৃতীয় টাই-জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱত অংশগ্ৰহণ কৰি এইদৰে কয়। শ্ৰী সোণোৱালে কয়, যে...

January 25, 2025 12:33 PM

views 34

আকাশবাণী গুৱাহাটীত আজি নিশা ৮.০২ বজাত ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত অসম ৰাজ্যিক শিক্ষা পৰিষদৰ মণ্ডল এক আৰু দুইৰ পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শৰ্মা আৰু ৰঞ্জন কুমাৰ দাসৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি সন্...

January 25, 2025 12:32 PM

views 31

চেন্নাইত আজি ভাৰত-ইংলেণ্ডৰ দ্ৱিতীয় টি২০ মেচ

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ ৫খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বৰ ভাৰতৰ দলটোৱে ইতিমধ্যে শৃংখলাটোত ১-শূন্য অগ্রগতি লাভ কৰিছে। শৃংখলাৰ প্ৰথমখন খেলত বুধবাৰে কলকাতাত ঘৰুৱা দলটোৱে আলহী দলটোক ...

January 25, 2025 12:30 PM

views 29

হিমাচল প্ৰদেশ আৰু পাঞ্জাৱৰ ঠায়ে ঠায়ে আজি শীত প্ৰৱাহৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে হিমাচল প্ৰদেশ আৰু পাঞ্জাৱৰ ঠায়ে ঠায়ে আজি শীত প্ৰৱাহ অব্যাহত থাকিব বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে লগতে পশ্চিমবংগ, পূব উত্তৰ প্ৰদেশ, ছিকিম আৰু বিহাৰৰ আজি পুৱা আৰু নিশাৰ ভাগত ঘন কুঁৱলীয়ে আৱৰি থাকিব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি ওড়িশা, অস...

January 25, 2025 12:29 PM

views 49

অসম আৰু অৰুণাচল প্ৰদেশৰ কোনো কোনো অংশত আজি পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান প্রতিষ্ঠানে জনোৱা মতে অসম আৰু অৰুণাচল প্ৰদেশৰ কোনো কোনো অংশত আজি পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য দুখনৰ কোনো কোনো অংশত ধুমুহা-গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনাও প্রতিষ্ঠানটোৱে প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান প্রতিষ্ঠানে প্ৰকাশ কৰা অনুসৰি গুৱাহাটীত আজি সর্বোচ্চ তাপমাত্রা ২৫ ডি...

January 25, 2025 12:28 PM

views 20

শিৱসাগৰত ২৭-২৮ জানুৱাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা

শিৱসাগৰৰ ৰংপুৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত ২৭ আৰু ২৮ জানুৱাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হ'ব। এই সভাৰ বাবে প্ৰস্তুতি পূর্ণ গতিত চলি আছে। শিৱসাগৰত হ'বলগীয়া এই সাধাৰণ সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫ হাজাৰৰো অধিক ছাত্র প্রতিনিধি, বিশিষ্ট ব্যক্তি, শিল্পী, কলা- কুশলীয়ে অংশগ্ৰহণ কৰিব। জিলাখ...