January 25, 2025 12:30 PM | himachal punjab weather

printer

হিমাচল প্ৰদেশ আৰু পাঞ্জাৱৰ ঠায়ে ঠায়ে আজি শীত প্ৰৱাহৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে হিমাচল প্ৰদেশ আৰু পাঞ্জাৱৰ ঠায়ে ঠায়ে আজি শীত প্ৰৱাহ অব্যাহত থাকিব বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে লগতে পশ্চিমবংগ, পূব উত্তৰ প্ৰদেশ, ছিকিম আৰু বিহাৰৰ আজি পুৱা আৰু নিশাৰ ভাগত ঘন কুঁৱলীয়ে আৱৰি থাকিব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি ওড়িশা, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো অহা দুদিনলৈ একেই পৰিৱেশ বাহাল থাকিব। অহা দুই-তিনি দিনত মধ্য ভাৰতৰ সৰ্বনিম্ন তাপমাত্রা দুইৰ পৰা তিনি ডিগ্রী ছেলছিয়াছলৈ হ্ৰাস পাব বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।