January 25, 2025 8:34 PM

views 15

পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ কাৰ্যসূচীত শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ অংশগ্ৰহণ

ভাৰত বিশ্বৰ সৰ্ববৃহৎ, বৈচিত্র্যপূৰ্ণ, যুৱ, সৰ্বাত্মক আৰু সংবেদনশীল গণতন্ত্ৰ আৰু এয়া সঁচাকৈ গৌৰৱৰ কথা বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ কাৰ্যসূচীত ভাষণ দি শ্রীমতী মুমৱে কয়, যে ভাৰত গণতন্ত্ৰৰ মাতৃস্বৰূপ আৰু দেশত গণতান্ত্ৰিক প্ৰক্ৰ...

January 25, 2025 8:32 PM

views 68

৭৬ সংখ্যক গণৰাজ্য দিৱসত এইবাৰ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মুখ্য অতিথি হিচাপে উপস্থিত

সমগ্র দেশে কাইলৈ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথত এই দিৱস উদযাপনত ৰাষ্ট্ৰক নেতৃত্ব দিব। ভাৰতৰ সাংস্কৃতিক বৈচিত্র্য, সামৰিক শক্তি, সংবিধান গ্ৰহণৰ ৭৫ বৰ্ষ সম্পূৰ্ণ হোৱা আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ ওপৰত আলোকপাত কৰি কাইলৈ গণৰাজ্য দিৱসৰ কুচকাৱাজ...

January 25, 2025 8:30 PM

views 47

সঞ্জয় হিফ্‌ফাবাই আৰু অমন সিং হংসক শৌর্য চক্ৰৰে সন্মানিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত অদম্য সাহস আৰু নিদর্শনমূলক বীৰত্বৰ পৰিচয় দিয়াৰ বাবে কৰ্পোৰেল দাভি সঞ্জয় হিফ্‌ফাবাইক শৌর্য চক্ৰৰে সন্মানিত কৰিছে। জম্মু-কাশ্মীৰৰ শ্বাহছিতাৰৰ দোবা চূড়াৰ সমীপৰ তিনিজন সন্ত্ৰাসবাদীয়ে অতর্কিতে চলোৱা আক্ৰমণৰ সময়ত সাহসিকতাৰ পৰিচয় দিছিল। ...

January 25, 2025 8:28 PM

views 28

এখন দেশ, এটা নির্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব – শ্ৰীমতী দ্রৌপদী মুৰ্মু

সংসদত উত্থাপিত এখন দেশ, এটা নির্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দি এইদৰে প্ৰকাশ কৰে ৷ তেওঁ কয়, যে এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন পৰিকল্পনাই প্ৰশাসনলৈ সুস্থিৰতা আনিব, নীতি স্থবিৰতা দূৰ কৰিব...

January 25, 2025 8:07 PM

views 66

কাইলৈ দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন

কাইলৈ দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। দেশৰ এই ঐতিহাসিক ক্ষণত যাতে কোনোধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। ৰে'ল আৰক্ষীয়েও ৰে'ললাইনসমূহত সতর্ক দৃষ্টি ৰাখিছে। ...

January 25, 2025 8:04 PM

views 24

অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক

গণৰাজ্য দিৱসৰ এদিন পূৰ্বে দেশৰ বহুকেইগৰাকী আৰক্ষী বিষয়া তথা জোৱানলৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰু উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। কেইবাখনো ৰাজ্যৰ কেইবাগৰাকী আৰক্ষী বিষয়াৰ লগতে উল্লেখনীয় সেৱা আগবঢ়োৱাৰ বাবে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। অসম...

January 25, 2025 8:02 PM

views 89

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীসমূহ আকাশবাণী আৰু দূৰদৰ্শনত পোনপটীয়াকৈ প্ৰচাৰ

৭৬ সংখ্যক গণৰাজ্য দিৱসত নতুন দিল্লীৰ কৰ্তব্য পথত কাইলৈ হ'বলগীয়া কুছকাৱাজ, প্রতীকপট শোভাযাত্ৰা আৰু সাংস্কৃতিক কাৰ্যসূচীসমূহ আকাশবাণী আৰু দূৰদৰ্শনে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। পুৱা ৯ বাজি ৪০ মিনিটৰ পৰা হ'বলগীয়া এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কযোগে প্ৰচাৰিত হোৱাৰ লগতে প্ৰচাৰ ভাৰতীৰ অ',...

January 25, 2025 8:01 PM

views 37

মানস ৰাষ্ট্ৰীয় উদ্যানত ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন

ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ সৈতে সংগতি ৰাখি আজি মানস ৰাষ্ট্ৰীয় উদ্যানতো ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ সমীপৰ গোলাগাঁৱত ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানতে বিটিচিৰ পৰ্যটন বিভাগে গাওঁখনক পর্যটন বিভাগৰ আদৰ্শ গাওঁ হিচাপে ঘোষণা কৰে। বিট...

January 25, 2025 8:00 PM

views 35

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সহযোগত কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৱে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সহযোগত কেন্দ্ৰটোৰ চৌহদত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত স্বচ্ছতা অভিযান, গছপুলি ৰোপণৰ লগতে সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়।

January 25, 2025 7:58 PM

views 38

গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সভাকক্ষত উৎপল কুমাৰ দাসৰ ‘এচকল জীৱন বিলাস’ উন্মোচন

আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশক তথা জ্যেষ্ঠ সাংবাদিক উৎপল কুমাৰ দাসৰ ‘এচকল জীৱন বিলাস' নামৰ গ্ৰন্থ এখন আজি গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সভাকক্ষত উন্মোচন কৰা হয়। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অগতানুগতিকভাৱে গীত-কথা আৰু অন্তৰংগ আলাপৰ মাজেৰে গ্ৰন্থখন উন্মোচন কৰা হয়। অনুষ্ঠানত বিশিষ্ট লেখিকা লীন...