September 28, 2026 12:55 PM | india win

printer

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্রথমখন এদিনীয়া ক্ৰিকেটত ভাৰতৰ জয়লাভ

বিৰাট কোহলি আৰু শুভমন গিলৰ অনবদ্য শতকৰ সহায়ত ভাৰতে কালি নিশা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিৰুৱনন্তপুৰমত অনুষ্ঠিত প্রথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত ৮ উইকেটত বিজয় সাব্যস্ত কৰে। কোহলিয়ে ১৩৯ আৰু ঋতুৰাজ গাইকোৱাড়ে ১৩ ৰান কৰি অপৰাজিত হৈ থাকে। ২৯৬ ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰি ভাৰতে ৪১ অভাৰ ৪টা বলত ৩০০ ৰান কৰি তিনিখনীয়া এদিনীয়া শৃংখলাত ১০ৰ অগ্রগতি লাভ কৰে। প্ৰাক্তন অধিনায়ক কোহলিৰ শতকে ভাৰতৰ জয়ত নিৰ্ণায়ক ভূমিকা গ্রহণ কৰে। এয়া আছিল কোহলিৰ এদিনীয়া আন্তঃৰাষ্ট্রীয় ক্রিকেটত ৫৫ সংখ্যক শতক। ইপিনে শচীন তেণ্ডুলকাৰৰ পাছতে এদিনীয়া আন্তঃৰাষ্টীয় ক্রিকেটত ১৫ হাজাৰ ৰান সম্পূর্ণ কৰা তেওঁ দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হৈছে। অধিনায়ক গিলেও ১১০ ৰানেৰে দলৰ জয়ত বিশেষ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে বেষ্ট ইন্ডিজে নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ২৯৫ ৰান কৰে। দলটোৰ হৈ জাষ্টিন গ্রিভছে সর্বাধিক ১০১ আৰু জন কেম্বেলে ৬২ ৰান কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱে ৪টা আৰু প্ৰসিদ্ধ কৃষ্ণাই দুটা আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে এটা দখল কৰে। কুলদীপ যাদৱক প্লেয়াৰ অব দা মেচ ঘোষণা কৰা হয়।