September 28, 2026 12:55 PM

views 14

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্রথমখন এদিনীয়া ক্ৰিকেটত ভাৰতৰ জয়লাভ

বিৰাট কোহলি আৰু শুভমন গিলৰ অনবদ্য শতকৰ সহায়ত ভাৰতে কালি নিশা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিৰুৱনন্তপুৰমত অনুষ্ঠিত প্রথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত ৮ উইকেটত বিজয় সাব্যস্ত কৰে। কোহলিয়ে ১৩৯ আৰু ঋতুৰাজ গাইকোৱাড়ে ১৩ ৰান কৰি অপৰাজিত হৈ থাকে। ২৯৬ ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰি ভাৰতে ৪১ অভাৰ ৪টা বলত ৩০০ ৰান কৰি তিনিখনীয়া এদিনীয়া শৃংখলাত ১০ৰ অগ্রগতি লাভ কৰে। প্ৰাক্তন অধিনায়ক কোহলিৰ শতকে ভাৰতৰ জয়ত নিৰ্ণায়ক ভূমিকা গ্রহণ কৰে। এয়া আছিল কোহলিৰ এদিনীয়া আন্তঃৰাষ্ট্রীয় ক্রিকেটত ৫৫ সংখ্যক শতক। ইপিনে শচীন তেণ্ডুলকাৰ...