নতুন দিল্লী মহলে ৰে’ল অপহৰণ কাণ্ডৰ সৈতে ভাৰত জড়িত বুলি পাকিস্তানে উত্থাপন কৰা অভিযোগ ভিত্তিহীন বুলি আখ্যা দিছে। পাকিস্তানী পক্ষৰ বিবৃতি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে আজি কয়, যে নতুন দিল্লী মহলে পাকিস্তানৰ এই ভিত্তিহীন অভিযোগ স্পষ্ট ভাবে খণ্ডন কৰে। সমগ্ৰ বিশ্বই গোলকীয় সন্ত্ৰসবাদৰ কেন্দ্ৰ ক’ত, এয়া ভালদৰে জানে বুলিও তেওঁ মন্তব্য কৰে। শ্ৰী জয়ছোৱালে কয়, যে পাকিস্তানে নিজৰ অভ্যন্তৰীণ সমস্যা আৰু বিফলতাৰ বাবে আনলৈ আঙুলি টোওৱাৰ আৰু আনক জগৰীয়া কৰাৰ পৰিৱৰ্তে আত্মমন্থন কৰা উচিত।
Assamese | March 14, 2025 7:00 PM | India-Pakistan Related
ৰে’ল অপহৰণ কাণ্ডৰে ভাৰত জড়িত বুলি পাকিস্তানে কৰা অভিযোগ ভিত্তিহীন বুলি আখ্যা নতুন দিল্লীৰ