September 3, 2026 12:10 PM | PM Modi

printer

ৰাষ্ট্ৰীয় জল সন্মিলনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

জনসংখ্যা বৃদ্ধি, ভৱিষ্যতৰ সম্ভাৱ্য জল সংকটকে ধৰি নগৰীকৰণৰ ফলত সৃষ্টি হ’ব পৰা সমস্যাসমূহৰ প্রতি সংবেদনশীল হ’বলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নগৰীয়া স্থানীয় নিকায়সমূহক আহ্বান জনাইছে। তেওঁ নগৰীয়া স্থানীয় নিকায়সমূহত চিন্তন শিবিৰ আয়োজন কৰি এই বিষয়সমূহ আলোচনা কৰাৰ বাবে আহ্বান জনায়। জলশক্তি মন্ত্রালয়ৰ উদ্যোগত আয়োজিত দুদিনীয়া ৰাষ্ট্ৰীয় জল সন্মিলনৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণত শ্রীমোদীয়ে এই বিষয়ে উল্লেখ কৰে। তেওঁ জল সংৰক্ষণৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। প্রধানমন্ত্রীয়ে লগতে সজাগতা সৃষ্টিৰ বাবে প্রদর্শনী, কর্মশালা আৰু অংশীদাৰসকলৰ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিবলৈ আহ্বান জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।